কবিতা/৯১ গ্ৰন্থ

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

মিন্টু গোৱলা

Advertisment

বিশ্বত লিখি যাম মই গ্ৰন্থ,

জিলিকিম আখৰৰ আৰঁত গ্ৰন্থৰ মাজত!!

বিশ্বৰ ঘৰে ঘৰে থাকিম জিলিকি আখৰৰ হৈ!

ন-পুৰণি কথাৰে ভৰা মোৰে এই গ্ৰন্থ হ'ব বহুতৰ প্ৰিয়,

আকোঁৱালি ল'ব মোক সিহঁতৰ হৃদয়ৰ মাজত আখৰৰ সুবাসত।

কোনোৱে বিচাৰি পাব মোক, কোনোৱে বিচাৰি পাব নিজকে সেই সোণোৱালী আখৰ বোৰত।

মোৰ গ্ৰন্থ হ'ব বহু মধুৰ,

প্ৰতি দিনে পঢ়িলে পাব তাৰ ন ন সুবাস

এই গ্ৰন্থৰ আখৰ বোৰত।

কোনোৱে বিচাৰি পাব জীৱন গঢ়া মন্ত্ৰ

এই গ্ৰন্থৰ আখৰ বোৰত।

কোনোৱে বিচাৰি পাব জীৱন ধ্বংসৰহে মন্ত্ৰ

এই গ্ৰন্থৰ আখৰ বোৰত।

মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহূতলৈ!!

বিশ্বৰ ঘৰে ঘৰে জিলিকিম গ্ৰন্থৰ আখৰে আখৰে

মানৱ হৃদয় জিনিম গ্ৰন্থৰ কথাৰে ।

মই লিখি যাম গ্ৰন্থ মৃত্যুৰ আগমুহুৰ্ত লৈ!!!

assam poem assamese