ডo বৈজয়ন্ত কেওঁট
অচল নোট এটাৰ দৰেই
এতিয়া দুলি আছে সি
সময়ৰ ৰেলিঙত ধৰি
দুদিনমান আগলৈকে
তাক আপোন বুলিবলৈ
কিমানে নকৰে কি
জেপত ল'ম নে ভেনিটি বেগত
গাৰুৰ তলত নে গোসাঁই ঘৰত
তাৰ দৰ্শন আৰু স্পৰ্শৰ হেতু
হৰিধনৰ হৰদম প্ৰাৰ্থনা
–মোক দিয়া দিয়া প্ৰভু–
চক্ৰৱৎ পৰিবৰ্তে—-
এতিয়া উকা কাগজ খিলাৰ
চাহিদা তাতকৈ হেজাৰ গুণে বেছি
কাৰণ, উকা কাগজতে
লিখিব পাৰি ভ্ৰষ্ট প্ৰেমিকৰ
আকৌ এখন প্ৰথম প্ৰেমৰ চিঠি
লিখিব পাৰি বাকীজাৰি
আৰু সুতৰ দস্তখত
আক্ৰোশৰ কলম জোকাৰি
লিখিব পাৰি শুং থকা
এখন শান্তিৰ চুক্তি পত্ৰ আৰু
এখন দুঃসাহসী বেনামী চিঠি
এতিয়া এখন অচল নোট সি
তাৰ বুকুত খোদিত আছে সত্যমেৱ জয়তে
গান্ধীৰ এটা নিৰ্মল হাঁহি
তথাপি অচল সি
ধৰিবই নোৱাৰি
কোন কেতিয়া অচল হয়
কোন কেতিয়া আচল হৈ
আচঁলত থিতাপি লয়
ৰাতিটোৰ ভিতৰতে