বিকাশ গোহাঁই
প্ৰতিটো কোৰৰ চাব
প্ৰতিটো নাঙলৰ সীৰলু
প্ৰতি টোপাল ঘামৰ লগত
মোৰ আজন্ম সম্পর্ক।
মোৰ হাত-ভৰি পানীয়ে খাইছে
ভৰিৰ বুঢ়া আঙুলিৰ নখচুকীয়াৰ বিষটো উজাইয়ে আছে।
তৎসত্ত্বেও মই যাবই লাগিব পথাৰলৈ
কৰিবই লাগিব খেতি-বাতি
খচিবই লাগিব বোকা-পানী....
যোৱা দুদিনৰ পৰা বলধ এটা চবকাত পৰিছে
মোমাই ঘৰৰ পৰা আনিছো এটা, আধিলৈ
মোৰ যে চৰকাৰী ট্ৰেক্টৰ নাই
আছে কেঁকোৰা নাঙল, দুবাহুত বল।
মই কৰি যাবই লাগিব খেতি-খোলা
বামক দ
দক বাম কৰি…
আকালৰ ভাত, নিদানৰ মাত….
এসাঁজ মোৰ বাবে।
এসাঁজ প্ৰজাৰ বাবে।
এসাঁজ ৰজাৰ বাবে।
পুৱা মানুহজনীয়ে অনা চাহ-জলপানৰ টোপোলাটোলৈ
বাট চাই থকাটো মোৰ বাবে
অন্য এক মাদকতা।