কবিতা ১২৯/ অনুভৱী মন

ক'ব লগা আছে বহু কথা ক'ব খুজিও ৰৈ যাঁও মনত আছে বিভক্ষা ওঁঠে সামৰি থয় মনৰ সকলো ভাষা।

author-image
Asomiya Pratidin
New Update
কবিতা ১২৯/ অনুভৱী মন

কবিতা

পূৰ্ণিমা পায়েং

Advertisment

ক'ব লগা আছে বহু কথা

ক'ব খুজিও ৰৈ যাঁও

মনত আছে বিভক্ষা

ওঁঠে সামৰি থয়

মনৰ সকলো ভাষা।

কৰবাত বিলীন হয় শব্দবোৰ

হেৰাই যায় অসীমত

মনৰ কথাবোৰ, শব্দবোৰ

বুজাব নোৱাৰো।

সেয়েহে ভুল বুজে সকলোৱে

বুজিব নোৱাৰে মোৰ

মনৰ কথা, মই ভাৱো

সকলোৱে বুজক মোক

কিন্তু নিৰাশ হৈ ৰৈ যাঁও।

কোনোৱে নুবুজে মোক

বুজিবই বা কেনেকৈ

যদি, মই নিজকে নাপাঁও বুজি

তাত আনৰ কি দোষ।

মোৰো মন যায় সুপ্ত হৈ থকা

মনৰ সকলো ক'বলৈ কিন্তু

ৰৈ যাঁও অৱশেষত, কিয়নো

অনুভৱে কাঢ়ি নিয়ে মোৰ ওঁঠৰ ভাষা।

আৰু পঢ়ক: কবিতা ১২৮/ আঘোণ

assam poem