কবিতা ৯৩/ নীলপৱন তুমিও গ'লা !

মৃত্যুকো শিল্প কৰিব পৰা/ তোমাৰ কি নিপুণ হাত !

author-image
Asomiya Pratidin
New Update
কবিতা ৯৩/ নীলপৱন তুমিও গ'লা !

assamese poem

মুকুল কলিতা

Advertisment

মৃত্যুকো শিল্প কৰিব পৰা

তোমাৰ কি নিপুণ হাত !

নীলপৱন

তুমিতো তুলিকাৰে

প্ৰেম আঁকিছিলা, আৰু

ৰংবোৰ বিয়পাই দিছিলা

ৰংহাৰা মানুহৰ বুকুলৈ

তুমিতো ৰঙৰেই শিল্পী

তোমাৰ ৰঙেৰেই

সোণালী হ'ল সূৰ্য

আকাশ নীলা হ'ল

সেউজী হ'ল পৃথিৱী

এই ৰং থাকে মানে

তুমি থাকিবা নীলপৱন

তুমি থাকিবা।

assam assamese poem