New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/77928ebc-47e3-4615-94ff-11fdb6c81787/KOBITA.jpeg)
assamese poem
কিশোৰ কুমাৰ কলিতা
গছেও সলাই সাজ
হেৰুৱাই সেউজীয়াৰ আকৰ
হালধীয়া হয় জীৱনৰ ৰং
সৰাপাততটো থাকে ইতিহাস
বোকোচাত সেউজীয়া ছাঁ
গো-বাট ধূলিয়ৰি হোৱাৰ পৰত
পচোৱাই উৰুৱাই আঁচল
এজাক সেউজ বৰষুণৰ অপেক্ষা।
এয়াই জীৱন
পুনঃ
দুহাতত জীৱনৰ জীয়া ছবি
সপোন আৰু সাকাৰ
কুঁহিপাত ......!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us