স্বপ্না কলিতা
নোকোৱা কথাবোৰতে
মজি থাকোঁ আমি-তুমি আৰু মই !
চকুৰ পতাত ওলমি থকা ভাষাবোৰ,
ওঁঠৰ হাঁহিত বৈ পৰা ভাৱবোৰ,
মুখেৰে নোকোৱা কথাবোৰ,
বুজি পাওঁ আমি-তুমি আৰু মই !
বুকুৰ ধপধপনিত কঢ়িয়াই ফুৰো উশাহ !
তুমি মোক আৰু মই তোমাক বুজো ।
নিশাৰ নিৰ্জনতাত হিচাপ-নিকাচ কৰো ।
হৃদয়ৰ তুলাচনীৰে জোখো ।
ক'ত আমাৰ মৰমৰ সীমা ?
কিমান সৰে হেঙুলি আভা ?
জীৱন জীয়াৰ সংগ্ৰামত
তুমি-মই আৰু মই-তুমি
এটি এটি শুভ্ৰ শেৱালি !!