কবিতা/৬৪ উশাহবোৰ

আইৰ পৰা ধাৰলৈ লোৱা/কলিজাটো

author-image
Asomiya Pratidin
New Update
কবিতা/৬৪ উশাহবোৰ

assamese poem

কিশোৰ কুমাৰ কলিতা

আইৰ পৰা ধাৰলৈ লোৱা

কলিজাটো

উশাহবোৰ

পিতাইৰ পৰা ধাৰলৈ লোৱা

পুৱাৰ ৰ'দ

তেজৰ উষ্ণতা

হেৰাই যোৱাৰ বাটত

ক্ৰমশঃ দুৰ্লভ হৈ পৰিছে

ধাৰবোৰ.....

অস্ত আকাশ

ৰূপালী ৰঙৰ আবিৰ

পায়ো হেৰুওৱাৰ হুমুনিয়াহ

এন্ধাৰ এচুকত পৰি ৰয়

আধামৰা জোন

বেশ্যা হয় ভোকৰ ভাত

ক'ত সামৰি থম

খোজবোৰ

সপোনবোৰ........

তথাপিও আই আৰু পিতাই

উশাহবোৰ

জীৱনবোৰ.....

assam assamese poem