/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/888f3be7-0a95-454e-9cb1-fa6489a1185b/KOBITA.jpeg)
- ৰেখা বৰকটকী
চৰাইজাকে কথা পাতে আপোনমনে...
ৰহঘৰা পৃথিৱীৰ সিঁহত অতন্দ্ৰপহৰী
পাখিত পাখি গুজি কৰা
আত্মপ্ৰত্যয়ৰ আলাপ...
সিঁহতৰ আলোচনাৰ বিষয় কি?
প্ৰেম নে ভালপোৱা
ৰাজনীতি নে সমাজনীতি
দেশ নে নেতা?
এইবোৰ একোৱেই নহয়
মাত্ৰ সুখৰ সংজ্ঞাৰ কথা সিহঁতে পাতে
সপ্ত সাগৰ ,অটল গহ্বৰ,
সসাগৰা জলধিৰ উত্তাল লহৰ.
আৰু দূৰ সীমনাত দৃশ্যমান হোৱা
মুনি চুনি বেলিৰ কথা সিঁহতে পাতে
নিৰৱধি বৈ যোৱা নৈখন,
নৈৰ পানীৰ জিঞা -ফৰিং বোৰৰ সৈতে হোৱা অগা -দেৱা
নৈৰ সিপাৰে ক্ষন্তেকৰ বাবে লগ হোৱা
প্ৰেয়সীও হ'ব পাৰে কথাৰ বিষয়
ক'লা জামু ,পকা মধুৰিআম, পকা অমিতাৰ জুতি
বিচাৰি ফুৰাৰ আনন্দৰ ভাগ বতৰা
বাটলু গুটি বন্দুক কেটেপাই
দিয়া বুকু ভঙা আৰ্তনাদ
অবাক জীৱনে কৰা নিৰাশাৰ
বিলাপো হ'ব পাৰে আলোচনাৰ বিষয়
অবুজ মনে বাৰে বাৰে যায়
বিপদ সংকুলতাৰ কাষলৈ
পাখিৰ আঁৰত জীৱটো সামৰে
পকা জেটুলিযেন হৃদয়খন যেন দুদিনৰ বাবে..