/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/b8478608-21db-46e5-9cc5-0aa9ba832a37/KOBITA.jpeg)
- গাৰ্গী ভূঞা
মোৰ জন্মৰ পিছতে বাৰটা ঘৰ আঁকি দি পিতাইক ক'লে
৯ নম্বৰ ঘৰত গুৰুৰ শত্ৰু
৪ নম্বৰ ঘৰত ৩ নম্বৰ ৰাশিৰ লগত কেতুৰ যুতি
সোন দান অনিবাৰ্য
পিতাইৰ সন্তোষ সুবৰ্ণ হ'লেও
সোণৰ ভৰ শিলতকৈও গধুৰ
বুকুত ভয়
কিজানি গোঁসায়ে লিখি দিয়া কাগজখনৰ চন্দ্ৰমাই আনে আউসী
আইতাৰ থুৰীয়াৰ সোণকনকে যাচিলে গ্ৰহবিপ্ৰক
খয় যোৱা সোনৰ লোহিতায়স বৰণ দেখি
গ্ৰহবিপ্ৰৰ মুখত অসন্তুষ্টি
সেই অনুপাতে আশীৰ্বাদো কম
ঘৰৰ একমাত্ৰ কোঠালিলৈ জালিকটা বাটেদি এতিয়াও নামি আহে সুখ
পিছে কৰবাত লুকাই থাকে
বাৰ কোঠালীৰ ভয়
মই উজুটি খালেই
পিতাইৰ বুকুত তুঁহজুই জ্বলে
মোৰ বিশ্বাসে জানে বহু কথা
পিছে পালতৰা নাওঁখনে জানেনে ?
জীৱনৰ গতি কোন দিশে !