কবিতা ৫৭/ এটুকুৰা মাটিৰ বাবে সংগ্ৰাম

author-image
Asomiya Pratidin
New Update
কবিতা ৫৭/ এটুকুৰা মাটিৰ বাবে সংগ্ৰাম

- ৰীণা ৰাণী ডেকা

Advertisment

জীৱনত বহু দেখিলোঁ, বহুত শিকিলোঁ।

এতিয়া মই সংগ্ৰাম কৰি আছো।

পোৱা নাই এতিয়াও তাৰ

উচিত ফলাফল

কিন্তু কেতিয়াও ভাগৰি নপৰো

এই সংগ্ৰামত।

নাভাগৰো কেতিয়া ও

মোৰ দৃঢ় বিশ্বাস।

মই এদিন সফল হ'মেই এই সংগ্ৰামত।

সংগ্ৰাম মানেই জীৱন

জীৱন মানেই সংগ্ৰাম।

এই সংগ্ৰামৰ অবিহনে

জীৱনৰ মূল্য বুজা নাযায়

মোৰ দৃষ্টিত এয়াই জীৱন সংগ্ৰাম।

এটুকুৰা মাটিৰ বাবে সংগ্ৰাম

এই সংগ্ৰামত মই যেতিয়ালৈকে

সফল নহওঁ

কৰি যাম মই গোটেই জীৱন সংগ্ৰাম।

assamese poem