কবিতা ৫৫/ ৰজাই উৎসৱ পাতিছে

author-image
Asomiya Pratidin
New Update
কবিতা ৫৫/ ৰজাই উৎসৱ পাতিছে

- তপন শইকীয়া

Advertisment

ৰজাৰ গাত নোম এডাল গজিছে

উৎসৱ পাতিছে…

ৰজাৰ নোম এডাল সৰিছে

থুতৰিত ৰজাৰ দাড়ি দীঘল হৈছে

মন্ত্ৰীৰ তপা মূৰত চুলি গজিছে

উৎসৱ পাতিছে…

উৎসৱ পাতিছে।

ৰজা আহিছে

ৰজা গৈছে

লগে লগে উৎসৱ আগবাঢ়িছে

সুখৰ ভৰত প্ৰজাৰ চুলি পকিছে

উৎসৱ পাতিছে।

ৰজাৰ আঁচনিত উৎসৱ

উৎসৱৰ আঁচনিতো উৎসৱ

ভক্তগণৰ মনত অগাধ বিশ্বাস!

ৰজাৰ উৎসৱত পোহৰৰ চমকনি…

চমকনিত আন্ধাৰ হৈছে পোহৰ

পোহৰৰ আন্ধাৰত পিয়াপি দিছে অন্ধৰ বিশ্বাস

বাঃ ৰজা বাঃ!

ৰজাৰ উৎসৱত সকলোৱে নাচিছে।

উৎসৱৰ ৰাগীত পাহৰিছে ভোক পাহৰিছে শোক

বজাৰত বিশ্বাসৰ দৰ-দাম চলিছে

ভোকৰ তাড়নাত অথবা প্ৰতাৰণাত কোনোবা মৰিছে

শোকৰ উৎসৱত ৰজাই চকুলো টুকিছে

শিয়ালৰ হাচতি তিতিছে ঘঁৰিয়ালৰ লোতকৰে

ভক্তই ঢোল বজাইছে…

ৰজা ঢোলৰ চাপৰত আৰু গাঢ় হৈছে অন্ধৰ বিশ্বাস

ৰজাই মনে মনে হাঁহিছে…

উৎসৱ পাতিছে।

চোৰ ধৰিছে চোৰ খেদিছে

চোৰবোৰ গভাইত হৈছে

চোৰক ফুলৰ মালা পিন্ধাই শোভাযাত্ৰা হৈছে

উৎসৱৰ ভৰত ৰজাৰ তলি উদং

প্ৰজাৰ পৰা চান্দা লৈছে

পুঠি খলিহনা ধৰফৰাই মৰিছে

বহল পানীত ৰৌ-বৰালিৰ কি নাচ!

নাচোনৰ তালে তালে ৰজাৰ উৎসৱ চলিছে…

ৰজাৰ উৎসৱত সকলোৱে ভাগ লৈছে

নিজক পাহৰি মতলীয়া হৈছে

আভৰণ খুলি নাচিছে…

ভাল দিন আহিছে।

ধোবাৰ মৰণ ৰজাৰ উৎসৱত

ৰজা উলংগ হৈছে।

assamese poem