কবিতা ৪৯/ নব্যত্ব তোমাৰ বাবে...

নুসুধিবা মোক আজি একো/ কৈ যাব দিয়া/ সদায় কি মই তোমাৰ কথাই মানিম ? / তুমিওতো অলপ শুনা/ মোৰ কথা...

author-image
Asomiya Pratidin
New Update
কবিতা ৪৯/ নব্যত্ব তোমাৰ বাবে...

মিনাৰা হুছেইন

Advertisment

নুসুধিবা মোক আজি একো

কৈ যাব দিয়া ,

সদায় কি মই তোমাৰ কথাই মানিম ?

তুমিওতো অলপ শুনা ,

মোৰ কথা...

মোৰ মনৰ কথা...

নোৱাৰোঁ বুজিছা

নোৱাৰোঁ...

তোমাৰ কোনো যুক্তি, কোনো বুজনি

একো নুশুনো,

সৰুৰে পৰা দেখি অহা

বগা সাজযোৰ , কাণত সৰু ফুলি

আৰু ডিঙিত

কেতিয়াও একো নিপিন্ধিলা!!?

মা...

মনত আছেনে

মই যে স্কুলৰ পৰা আহি কৈছিলোঁ,

স্কুলৰ বাইদেউহঁতৰ নিচিনা

ৰঙ, বিৰঙী কাপোৰ পিন্ধিবলৈ

কাণত ঝুমকা,

ডিঙিত লেটেষ্ট ডিজাইনৰ চেইন

কিয় মা, কিয়...?

মোৰ বাবে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিলা,

ইমান মৰমৰ, তোমাৰ হিয়াৰ আমঠু,

মই জানো তোমাৰ একমাত্ৰ লগৰী নহয়?

তেনেহ'লে কিয় মা, কিয় ?

মোক দূৰলৈ যাবলৈ কৈছা

নামানো এই সমাজৰ নিয়ম,

অগ্নিক সাক্ষী কৰি

কাৰোবাক আপোন কৰি মই যাবগৈ লাগে,

আৰু তুমি

মোৰ সত্তা তুমি মা,

মোৰ অস্তিত্ব তুমি,

মই যোৱাৰ পিছত

তুমি জানো অকলশৰীয়া হৈ নাযাবা,

টিভি চোৱাৰ লগৰী, বজাৰ যোৱাৰ লগৰী,

আৰু চেল্ফি

কাৰ লগত উঠিবা?

আৰু এটা কথা নহয়

তুমি লিখা গল্পবোৰ কাক পঢ়ি শুনাবা?

মেট্ৰিমণি চাইটত ফটো দিছোঁ

ভাল পাত্ৰ লাগে,

সুন্দৰ, সুদৰ্শন, ৱেল এষ্টাবলিশ্বদ

এইবোৰ ক্ৰাইটেৰিয়া নহয়,

লাগে এজন ভাল আদৰ্শবান মানুহ

এজন ভাল ব্যক্তি,

যিজনে সন্মান কৰে নাৰীক

যিজনে বুজিব মোক, মোৰ জীৱনৰ ভেটি

মোৰ মাক,

যিজনে মোৰ মাৰ লগৰী হ'ব,

মোৰ অনুপস্থিতিত

যিজনে মোৰ মাৰ উকা জীৱনলৈ

ৰঙৰ দলিচা পাৰি দিব,

মোৰ মাৰ হাত দুখনিত

জাক জাক খাৰু,

ভৰিত নুপুৰ,

ডিঙিত

মই সৰুতে বিচৰা

চেইনডাল পিন্ধাই দিব।

আৰু কি জানা....

মোৰ মাৰ লগত চেল্ফি লৈ

মোলৈ হোৱাটছ এপ কৰিব,

মোৰ মাৰ লগত ননষ্টপ

আড্ডা মাৰিব...

মা...

আজি মই বৰ সুখী,

তুমি বিচৰা ধৰণেৰে

ৰঙা সাজ পিন্ধি, হোমৰ গুৰিত বহিম

চাই ৰ'ম...

ৰঙীন পাটৰ সাজেৰে ধুনীয়া

মোৰ মাজনীক,

মা, আজি মোৰ জীৱন সাৰ্থক

কন্যাদান কি অ' মা?

মোক জানো দান দিব ওলাইছা?

হাঁহিয়ে উঠে....

যাবলৈ ওলাইছোঁ মা,

নেকান্দিবা...

নহ'লে ময়ো কান্দি দিম...

বিদায় বেলাত চাই যাব বিচাৰোঁ

তোমাৰ এধানি হাঁহি...!!

assam assamese poem