/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/kobita-2-1.jpg)
-লাচিত বৰ্মন
এপদ এপদকৈ খুলি উদং নোহোৱালৈ
মই মোৰ দৰে নাছিলো
শূন্যতাক ঢাকি ধৰিবলৈ যিবোৰ শূন্যৰ আশ্ৰয় ল'লো
সেই শূন্যতাও শূন্যৰ দৰে ভৰপূৰ নাছিল
যিবোৰ হাঁহি নহঁহাকৈ থাকি গ'ল
যিবোৰ চকুলো চকুতে বিলীন হ'ল
সেই বিৰল সম্পদ মোৰ
নিদিয়াকৈ ৰৈ যোৱা খোজৰ উপস্থিতিবোৰ
যদি মোৰ নহ'লহেঁতেন
সেই শূন্যতা
সেই হাঁহি
সেই চকুলো
সবেইতো মোৰ বাবে অৰ্থহীন-বিশ্বাসহীন
এপদ এপদকৈ খুলিও
মই মোৰ দৰে হ'ব পৰা নাই উদং
কিনো কম নীৰৱতা
অন্তহীন অপেক্ষা, একান্ত প্ৰাৰ্থনা
মই মোৰ দৰে হ'ব পৰা হ'লে
এই সকলো বুৰ যাব নি:স্বতাত।
কবি – লাচিত বৰ্মন
ফোন নম্বৰ – ৮৬৩৮৭৯৫৯৬৫
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us