কবিতা/২৬ হাঁহি

কবিতা/২৬ হাঁহি

author-image
asomiyapratidin
New Update
কবিতা/২৬ হাঁহি

-নীলোৎপল কুমাৰ

Advertisment

হাঁহিৰ দাম কিমান?

কিমান দুখৰ নিলামত

এটা হাঁহি কিনিব পাৰি?

অনা নে টোলা হিচাপত?

গ্ৰাম কিলো মিলিমিটাৰ নে মিলিলিটাৰ?

লিটাৰ মিটাৰ কিলো অসম্ভৱ !

মুঠতে হাঁহি এটা গন্তব্য স্থান

আৰু দুখৰ তালৈ এটা দীঘলীয়া বাট।

আবেলি সূৰ্যটো নামি আহোতে

দেখো ৰঙা হাঁহি

ডুবি যোৱাৰ পাছত স্তিমিত সেমেকা হাঁহি

ভৰ দুপৰীয়া প্ৰোজ্জল

আৰু ৰাতিপুৱা নতুন।

এই চক্ৰটোত কোনে হাঁহে?

পানীৰ কঁপালৰ ঘাম পানীতেই পৰেনে?

অথবা আপোনাৰ হাঁহিয়ে

হাঁহি হাঁহি ঘাম বোৱাইনে?

ইমান হাঁহি উপলব্ধ হয়নে?

পাঁচ টকাত এটা হাঁহি দিয়ক

কচম খাইছো তাক হাইব্ৰিডিং কৰি

দহমোনা কৰিম আৰু ফ্ৰীজত ভৰাই থ'ম

আৰু আলুৰ দৰে খাম।

ক'ত পায় . . . ঠিকনা?

মোৰ ঠিকনা শুকান নদী

মাৰফৎ পলাশবাৰী।

পাণ-তামোলৰে আদৰণি

চৰণ পোখালি মনপ্ৰৱেশ

কিম্বা গামোছাৰ ছাতিৰে ৰ'দ নপৰাকৈ

আৰু লাজে নুচুৱাকৈ মুখত ৰুমাল দি

আদৰি আনিম তোক হাঁহি।

আহ মোৰ বুকুলৈ

আহ মোৰ চকুলৈ

বিনিময়ত দুখ লৈ যা।

কিমান দাম এটা হাঁহিৰ?

মন মৰুদ্বীপ

ভৰিৰ তলুৱা গৰম

মাজত কঁকালটো

যেন ছেদ্‌ কৰি দিম

জেপত ভৰাই ৰাখিম তোক হাঁহি।

assam