কবিতা/৩১ এটা কোৱাছি কবিতা

কবিতা/৩১ এটা কোৱাছি কবিতা

author-image
asomiyapratidin
New Update
কবিতা/২৬ হাঁহি

-প্ৰয়াগ শইকীয়া

শব্দৰে তুমি সকলো নিৰ্মাণ কৰিব পাৰা

সৰগ নৰক একো নহয় অসাধ্য

কথা হ'ল

তুমি নৰকৰ মাজেৰে সৰগলৈ

যাবা

নে নৰকত ৰাজত্ব

কৰিবলৈ সৰগক দিবা চিৰবিদায়

খেনোৱে কয়

সৰগত সাধাৰণ হৈ থকাতকৈ

নৰকত ৰাজত্ব কৰাটো বোলে বেছি মোহনীয়

সকলোবোৰ ভাবৰ ভেলত

শব্দৰ খেল

ভাবৰ বিশৃংখলতা মানে

টাৱাৰ অফ্ বেবেল

আৰু আমি ইজনে সিজনৰ মুখলৈ

চাই থকা বেল

সৰগ বহু দূৰত

ৰজা হ'ব খুজিলেই

ৰক্তক্ষৰা নৰকৰ নাট

আমি সাধাৰণ মানুহ

ভক্তিৰ হাটত মেলো

ভিক্ষাৰ হাত

ভিক্ষাং দেহি

এই শ্ৰমণক দিবা নে শূণ্যৰ উপাসকৰ শব্দ

য'ত সৰগ নৰক অনুপস্থিত

মাথোঁ আছে এখন সেউজীয়া পৃথিৱীৰ অনুভৱ

assam assamese poem poet