ডিজিটেল ডেস্কঃ শ্যাম প্ৰডাকছনজৰ বেনাৰত নিৰ্মিত নতুন অসমীয়া ছবি 'ৰুদ্ৰ'ৰ বুধবাৰে আনুষ্ঠানিকভাৱে লগ' মুকলি কৰা হয়।
উল্লেখ্য যে 'শ্ৰীৰঘূপতি'ৰ সফলতাৰ পাছত জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা চুক্তিবদ্ধ হৈছে 'ৰুদ্ৰ' নামৰ এই অসমীয়া ছবিখনৰ বাবে। ৰবি শৰ্মাৰ বিপৰীতে দুগৰাকী মুখ্য নায়িকাৰ চৰিত্ৰকে ধৰি আন ১৫টা চৰিত্ৰৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান অভিনয় শিল্পীৰ পৰা বাছনি কৰিব পৰিচালক তথা প্ৰযোজকে।
আজি এই চিনেমাখনৰ অডিশ্বনৰ বাবে অনুষ্ঠানিকভাৱে মুকলি কৰা হয় গুগল ফৰ্ম। যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ'ব জুবিন গাৰ্গে কণ্ঠদান কৰিব এই চিনেমাখনৰ গীতত। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত এই কথা সদৰি কৰে চিনেমাখনৰ পৰিচালক ৰূপক গগৈ আৰু মুখ্য প্ৰযোজক ৰাজেশ কুমাৰ মোৰে।
উল্লেখ্য যে বলিউডৰ ছবি 'এনিমেল'ৰ এক্সনৰ নিৰ্দেশনা দিয়া এগৰাকী অসমীয়া ব্যক্তিয়ে এই চিনেমাখনত এক্সন পৰিচালনা কৰিব। ২ কোটি টকা বাজেটেৰে নিৰ্মীয়মান এই চিনেমাখন চলিত বৰ্ষৰ নৱেম্বৰত মুক্তি দিয়া হ'ব। ১০ মে'ৰ পৰা অসমৰ উপৰিও হায়দৰাবাদৰ বিভিন্ন ঠাইত হ'ব দৃশ্যগ্ৰহণ। অসমৰ আইন-শৃংখলা পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ নিৰ্মিত হ'ব চিনেমাখন।
অডিশ্বনৰ ফৰ্ম লিংক ::
https://forms.gle/24GWiPkWjoNozmMe7
Also Read: শহুৰৰ হাতত প্ৰাণ গ'ল বোৱাৰীৰ