পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ'ল অসমীয়া...

বহিঃৰাজ্যত পুনৰ হত্যা অসমীয়া লোকক। এইবাৰ সুদূৰ গোৱাত হত্যাৰ বলি হ'ল জামুগুৰিহাটৰ এজন লোক।

author-image
Asomiya Pratidin
New Update
পুনৰ বহিঃৰাজ্যত হত্যাৰ বলি হ'ল অসমীয়া...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ বহিঃৰাজ্যত পুনৰ হত্যা অসমীয়া লোকক। এইবাৰ সুদূৰ গোৱাত হত্যাৰ বলি হ'ল জামুগুৰিহাটৰ এজন লোক। কৰ্মসংস্থাপনৰ তাগিদাত গোৱাৰ এক কোম্পানীত কৰ্মৰত হৈ আছিল জামুগুৰিহাটৰ কৰতিপাৰ গাঁৱৰ ইন্দ্ৰ নাথ নামৰ লোকজন৷

Advertisment

কোনো লোকে হত্যা কৰি পেলাই থৈ যায় ইন্দ্ৰ নাথৰ মৃতদেহ। কৰ্ম স্থানৰ নিছেই কাষৰ এখন জংঘলত উদ্ধাৰ কৰা হয় নাথৰ মৃতদেহটো। দুদিন পূৰ্বে স্থানীয় লোকে মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰে।

উল্লেখ্য ইতিমধ্যে গোৱাৰ পৰা লৈ অহা ইন্দ্ৰ নাথৰ মৃতদেহ শনিবাৰে জামুগুৰিহাটৰ নিজা ঘৰত উপস্থিত হোৱাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে গাঁওখনত।বহিঃৰাজ্যত এইদৰে পুনৰ অসমীয়া লোকৰ মৃত্যুৰ বাতৰিয়ে চিন্তিত কৰি তুলিছে ৰাইজক।

Also Read: ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?

GOVT OF ASSAM