আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক অসমৰ দুই যুৱক…

আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক অসমৰ দুই যুৱক…

author-image
asomiyapratidin
New Update
আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক অসমৰ দুই যুৱক…

আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালক অসমৰ দুই যুৱক…

Advertisment

ডিজিটেল ডেস্কঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ দুগৰাকী যুৱ প্ৰতিভা।আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ দুগৰাকী যুৱ প্ৰতিভাধৰে লাভ কৰিছে শ্ৰেষ্ঠা পৰিচালকৰ সন্মান। ৰামেশ্বৰমত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত যোৰহাটৰ দুই যুৱ প্ৰতিভাধৰ মৃগাঙ্ক মাইনা আৰু পূৰৱ শৰ্মাই চুটি ছবি "অনীহা"ৰ বাবে লাভ কৰিছে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

ক্লিক কৰি পঢ়কঃ সংশয়ৰ আন এক নাম ডেল্টা প্লাছ…

এটা গছ পুলি ৰুৱাৰ ওপৰত নিৰ্মাণ কৰা চুটি ছবি "অনীহা"ই আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত বিচাৰকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু মৃগাঙ্ক মাইনাৰ এই সফলতাত উতফুল্লিত হৈ পৰিছে যোৰহাটবাসী।বিশ্ব পৰিবেশ দিৱসৰ দিনা মুক্তি লাভ কৰা চুটি ছবিখনে মানুহে গছ পুলি ৰুবৰ বাবে যি অনীহা প্ৰদৰ্শন কৰে সেই দিশটোক সুন্দৰকৈ প্ৰকাশ কৰি তুলিছে।ছবিখন প্ৰযোজনা কৰিছে নয়ন জ্যোতি শৰ্মাই।

যোৰহাটৰ এন যে প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা এই চুটি ছবি "অনীহা"ই আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ভাৰতীয় চুটি ছবিৰ শিতানত এই সন্মান লাভ কৰিছে।ইয়াৰ উপৰিও এই চুটি ছবিখনে ফিল্ম ফেষ্টিভেলখনত Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই।