/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/ddf18405-d1e3-404b-9f48-16a861c6a4d1.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমীয়া যুৱক মুম্বাইত কৰ্মৰত সুৰকাৰ আৰু কণ্ঠশিল্পী প্ৰয়াস মজুমদাৰে 'শ্ৰীগণপতি বাপ্পা মৰিয়া' নামেৰে এখন কানাড়া ছবিত সংগীত পৰিচালনা কৰিছে। এইখন তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ছবিৰ পৰিচালক আনন্দ বাঠাৰ। ছবিৰ চাৰিওটা গীত ইতিমধ্যে বাণীবদ্ধ হৈ গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/77bae7b7-cab2-4652-bc01-30ffaed97e4c-1024x576.jpg)
গীতকেইটিৰ কণ্ঠশিল্পী নিৰ্বাচনত উঠিছিল বিভিন্ন ভাষী সুকণ্ঠৰ অধিকাৰী চাৰিগৰাকী। দুজন পাঞ্জাবী, এজন বাঙালী আৰু এগৰাকী মাৰাঠী গায়িকা। প্ৰত্যেকেই নিষ্ঠাৰেই কানাড়া ভষা আয়ত্ব কৰি কণ্ঠ নিগৰাইছে। বৰ্তমান সম্পাদনাৰ মেজত থকা ছবিৰ শীৰ্ষ গীতটি প্ৰখ্যাত সংগীত প্ৰতিষ্ঠান 'টি চিৰিজে' যোৱা ২৮ আগষ্টত মুক্তি দিছে। ধৰ্মীয় চেতনাৰ ভেটিত লিখিত আৰু সুৰাৰোপিত গীতটোত কণ্ঠদান কৰিছে অমিত মুট্ৰেজাই। বাকী আনটো শিৱ বন্দনাৰ ভেটিত যুগতোৱা গীত গাইছে শতদ্ৰু কবীৰে। দুটি ৰোমান্টিক গীতত কণ্ঠ নিগৰাইছে সুভাংগী কাডাৰ আৰু মনদীপ সান্ধুৱে। কানাড়া ৰাইজে আগ্ৰহেৰে ছবিখনৰ মুক্তিলৈ বাট চাইছে।
সংগীত শিল্পী প্ৰয়াস মজুমদাৰ কটন কলেজৰ প্ৰথম শ্ৰেণীৰ স্নাতক। স্নাতকোত্তৰ ডিগ্ৰীত নাম ভৰ্তি নকৰি মুম্বাইলৈ গৈছিল ২০১৫ চনত। তাতে তেওঁ ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু মিউজিক প্ৰডাকচনৰ পাঠ গ্ৰহণ কৰি সম্প্ৰতি বলিউডত মিউজিক কম্পোজাৰ হিচাপে মনোনিৱেশ কৰিছে। ইতিমধ্যে ৰিপ, চুপ চুপ ৰেহটি বেটি, মেনকা, ভেলু, কিমত আদি হিন্দী চুটি ছবি সংগীতেৰে সজোৱাৰ গৌৰৱ অৰ্জন কৰিছে। অসমীয়া ভাষাত নিৰ্মিত কেইবাখনো শ্ৰাব্য সফুৰাত তেওঁ কণ্ঠ নিগৰাইছে। তাৰ ভিতৰত ভূপেন হাজৰিকাৰ গীতৰ কোৰাছ 'ৰ'দ পুৱাবৰ কাৰণে', বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ গীতৰ 'শুকুলা শতদল', দিলীপ শৰ্মাৰ স্মৃতিত নিৰ্মিত 'আমি যে যাত্ৰী আলোকপথৰ', 'নিৰ্ভয়', আৰু তেওঁৰ নিজৰ সংগীত ব্যৱস্থাপনাত বাণীবদ্ধ ৰবীন্দ্ৰ সংগীতৰ অসমীয়া ৰূপান্তৰ 'অ মোৰ দেশৰ মাটি'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/ddf18405-d1e3-404b-9f48-16a861c6a4d1-1-1024x576.jpg)
উল্লেখযোগ্য যে, 'নিৰ্ভয়' তেওঁৰ সম্পূৰ্ণ নিজৰ কণ্ঠৰ বাৰটা গীতৰ এলবাম, য'ত নৱকান্ত বৰুৱা ('ইমান ধুনীয়া লাগিছে'), হীৰেন ভট্টাচাৰ্য( 'মোৰ মনৰে মোৰ বনৰে'), কীৰ্তিকমল ভূঞা ('মই আহিছোঁ'), কৌস্তুভমণি শইকীয়া ( 'বান্ধিলে মন')ৰ উপৰি পিতৃ লেখক পৰমানন্দ মজুমদাৰ ('কোনে আহি বাৰে বাৰে', 'মেণ্ডেলা', 'ৰাজপথত হ'ল তেজৰ নৈ', 'আমি আজি ওলালো')ৰ কেইবাটাও গীত নিজৰ সুৰত বাণীবদ্ধ কৰিছে। ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, কেশৱ মহন্ত, লক্ষহীৰা দাসৰ ৰূপান্তৰেৰে সমৃদ্ধ ৰবীন্দ্ৰ সংগীতৰ এলবামটিত মাতৃ ঋজুশ্ৰী শৰ্মা মজুমদাৰৰ সৈতে দুটি গীতত নিজেও অংশগ্ৰহণ কৰিছে।পৰিয়ালসূত্ৰে তেওঁ স্বনামধন্য শিল্পী প্ৰয়াত দিলীপ শৰ্মা আৰু যশস্বী গায়িকা সুদক্ষিণা শৰ্মাৰ নাতি।