জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত উচিত তদন্ত বিচাৰি CBI ক দায়িত্ব দিবলৈ আহ্বান যুৱ সাংবাদিক সন্থা ,অসমৰ

আৰক্ষী সঞ্চালকলৈ স্মাৰকপত্ৰ
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত উচিত তদন্ত বিচাৰি CBI ক দায়িত্ব দিবলৈ আহ্বান যুৱ সাংবাদিক সন্থা ,অসমৰ

লেডী সিংঘম হিচাপে পৰিচিত জোনমণি ৰাভাৰ পথ দূৰ্ঘটনাক সহজভাৱে লোৱা নাই অসমৰ সাংবাদিক সংগঠনসমূহৰ এটা অন্যতম সাংবাদিক সংগঠন যুৱ সাংবাদিক সন্থা,অসমে ৷ কিয়নো জোনমণি ৰাভাৰ লগত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত জোনমণি ৰাভাৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্য আৰু প্ৰত্যক্ষদক্ষীৰ প্ৰণব দাসৰ ভাষ্যৰ লগতে শেহতীয়াকৈ জোনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত ভাইৰেল হোৱা দুই আৰক্ষীৰ মন্তব্যই যথেষ্ট ৰহস্য সৃষ্টি কৰিছে ৷

জোনমণি ৰাভাৰ লগত সংঘটিত হোৱা ঘটনাটো পথ দূৰ্ঘটনা নহৈ ই যেন এক পৰিকল্পিত হত্যাকাণ্ডৰ ঘটনা ৷ তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷সেয়ে জোনমণি ৰাভাৰ লগত সংঘটিত হোৱা ঘটনাটোৰ যাতে এক উচিত তদন্ত হঁওক তাৰবাবে দাবী জনাই আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ যুৱ সাংবাদিক সন্থা অসমৰ তৰফৰ পৰা মেইলযোগে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। স্মাৰক পত্ৰখনত যুৱ সাংবাদিক সন্থা,অসমে আৰক্ষীৰ সঞ্চালক প্ৰধানক জোনমণি ৰাভাৰ ঘটনাটো তদন্ত কৰিবলৈ চিবিআইক দায়িত্ব অৰ্পণৰ পোষকতা কৰিছে বুলি জানিব পৰা গৈছে ৷

লক্ষীমপুৰ আৰু নগাঁৱৰ জিলাত জাল নোট আৰু নকল সোণৰ ব্যৱসায়ত যি সকল আৰক্ষী লোকৰ লগতে কুখ্যাত চক্ৰ জড়িত আছে ৷ সকলোৰে ওপৰত এক উচিত তদন্ত কৰি জাল নোট আৰু নকল সোণৰ ব্যৱসায়ৰে জড়িত চক্ৰটোকো এক উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ ইফালে যুৱ সাংবাদিক সন্থা ,অসমে জোণমণি ৰাভাৰ ঘটনাটো চিবিআই পৰ্যায়ৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈও এক পত্ৰ প্ৰেৰণৰ যো জা কৰিছে বুলি যুৱ সাংবাদিক সন্থা,অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁই আৰু সভাপতি চন্দন দাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in