অৰুণাচলৰ পাচিঘাটত আৱদ্ধ অসমৰ ১৪ জন যুৱকক উদ্ধাৰ আৰক্ষীৰ...

যোৱা ২৫ আগষ্ট তাৰিখৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচললৈ ৰাওনা হৈছিল আৰু তাৰ পাছৰে পৰা অসমৰ ১৫ জনকৈ শ্ৰমিকক কৌশলেৰে আৱদ্ধ কৰি ৰাখে
arunachal pasighat
arunachal pasighat

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত লেঙীবৰ অঞ্চলৰ ১৫ জন শ্ৰমিকক চুবুৰীয়া অৰুণাচল প্ৰদেশত আৱদ্ধ কৰি ৰখাৰ পাছত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে শ্ৰমিককেইগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে উক্ত শ্ৰমিক কেইজন যোৱা ২৫ আগষ্ট তাৰিখৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচললৈ ৰাওনা হৈছিল আৰু তাৰ পাছৰে পৰা অসমৰ ১৫ জনকৈ শ্ৰমিকক কৌশলেৰে আৱদ্ধ কৰি ৰাখে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি চৰাইদেউ লেঙীবৰ অঞ্চলৰ ১৫ জন শ্ৰমিকক মাইবেলাৰ চেলিম সাগৰ নামৰ এজন ঠিকাদাৰে দলঙৰ কাম কৰাবলৈ বুলি অৰুণাচলৰ পাচিঘাটলৈ বুলি লৈ গৈছিল ।

কিন্তু কাম কৰাৰ বিনিময়ত ঠিকাদাৰজনে শ্ৰমিকসকলক প্ৰাপ্যধন আদায় নিদিয়াত খোৱা-বোৱাত সমস্যাই দেখা দিয়ে । ইফালে সংশ্লিষ্ট ঠিকাদাৰ জনে শ্ৰমিকৰ দলটোক প্ৰাপ্যধন আদায় নিদি দলটোক তাতে আৱদ্ধ কৰি ৰখাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । এনে পৰিস্থিতিৰ মাজতে চৰাইদেউ বাগিচাৰ অজয় দাস নামৰ শ্ৰমিকজন পাচিঘাটৰ পৰা কোনোমতে পলাই আহি ঘৰলৈ আহে ।

শ্ৰমিকজনে ঘটনা সম্পৰ্কে সকলোকে অৱগত কৰাত সংশ্লিষ্ট শ্ৰমিক কেইজনৰ পৰিয়ালকেইটাৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালকেইটাই মথুৰাপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত বুধবাৰে মথুৰাপুৰ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অৰুণাচলৰ পাচিঘাটত উপস্থিত হৈ স্থানীয় আৰক্ষী সহযোগত ১৪ জনকৈ আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰি স্ব-গৃহলৈ উভতাই আনে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in