/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/fc3b39de-96d9-4a7b-a345-62779118057d/ulfa.jpg)
ডিজিটেল ডেস্কঃ আলফা স্বাধীনত পুনৰ যোগ দিলে মৰাণৰ এজন যুৱকে। বৰপথাৰৰ দামৈখাটিৰ পলাশ কোঁৱৰ নামৰ যুৱকজনে আলফা(স্বা)ত যোগদান দিয়া বুলি জানিব পৰা গৈছে।
যোগদানৰ বিষয়ে অৱগত কৰি সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰে যুৱকজনে। সংযুক্ত মুক্ত বাহিনীত যোগদানৰ কথা উল্লেখ কৰে ভিডিঅ’ত। ইয়াৰ পিছতেই পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুত্রক ঘূৰাই পঠাবলৈ পৰেশ বৰুৱাক আহ্বান পৰিয়ালৰ।
উল্লেখ্য যে, কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল আলফা(স্বাঃ)ৰ শিবিৰত মৃত্যুদণ্ড দিয়াৰ কথা। পাঠশালাৰ যুৱক বিভাকৰ কলিতাক আলফা(স্বা)য়ে ম্যানমাৰৰ শিবিৰত মৃত্যুদণ্ড দিয়া বুলি পৰিয়ালৰলোকে জনাইছিল।
ইয়াৰ পাছতে আজি পুনৰ পোহৰলৈ আহিছে যুৱকৰ আলফা(স্বা)ত যোগদানৰ ঘটনা। গতিকে এই সন্দৰ্ভত কি ব্যৱস্থা লয় আৰক্ষীয়ে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
Also Read: অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই থৈ গৈছিল ৰাজ্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us