/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/batradava-3.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৩ ছেপ্টেম্বৰ দিনটোত দৌৰবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আছাম ইয়ুথ এণ্ড চচিয় ইকনমিক ডেভেলপমেণ্ট ফাউণ্ডেশ্যন (Assam Youth and Socio Economic Development Foundation)ৰ উদ্যোগত নগাঁও জিলাৰ বাৰপূজীয়াত আজি পুৱা ৫ বজাত মাৰাথান দৌৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।
নৱপ্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে অনুষ্ঠিত মাৰাথন দৌৰ কাৰ্য্যসূচীৰ শুভ উদ্বোধন কৰে ৩৩ সংখ্যক ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অসম গৌৰৱ চয়নিকা ডেকাৰাজাই। অনুষ্ঠানটিত বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ বৰদলৈ বাৰপূজীয়া ক্ৰীড়া সন্থাৰ সভাপতি হৰিদেৱ ডেকা, আছাম ইয়ুথ এণ্ড চচিয় ইকনমিক ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সভাপতি যদুমণি নাথ, সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, ক্ৰীড়া সম্পাদক সুধন্য সেনাপতি, ৰূপম ধৰ, ভাৰত বৈদ্য, ৰঞ্জু দলে, দিগন্ত নাথকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী খেলুৱৈ আৰু অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
অনুষ্ঠানটিত ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ৰাজ্যৰ কেইবাগৰাকী ক্ৰীড়াবিদ, খেলুৱৈক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।