/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/women-university.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ ৰাজ্যৰ নাৰী শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে অসম চৰকাৰে স্থাপন কৰিছিল অসম মহিলা বিশ্ববিদ্যালয়। অসম বিধানসভাত ইউ জি চি এক্ট ১৯৫৬ অনুসৰি ২০১৩ৰ বিধানসভাত গৃহীত হোৱা বিধেয়ক অনুসৰি স্থাপন কৰা হৈছিল এই বিশ্ববিদ্যালয়খন।
শেহতীয়াকৈ এই বিশ্ববিদ্যালয়খনক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু অসম চৰকাৰৰ গা এৰা মনোভাবৰ বাবে অনিশ্চিত ভৱিষ্যতক লৈ বিশ্ববিদ্যালয়খনত অধ্যনয়ৰত শ শ ছাত্ৰী ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছিল। বিশেষকৈ তদানিন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়খন বন্ধ কৰি দিয়াৰ ইংগিত দিয়াৰ পাছতেই ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ছাত্ৰীসকলে।
নাৰী শিক্ষাৰ ক্ষেত্ৰত প্ৰথমখন বিশ্ববিদ্যালয় হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ে ৰাজ্যৰ শিক্ষাজগতৰ লগতে বৌদ্ধিক ক্ষেত্ৰখনতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বিগত বিছৰটোৰ কেৱল প্ৰতিবাদৰ মাজেৰে উত্তাল হৈ আছিল এই উচ্চ শিক্ষানুষ্ঠানখন। ধৰ্ণা, ধৰ্মঘট, অনশন আৰু শ্ৰেণীবৰ্জনৰ বাবে বাতৰিৰ শিৰোনাম হৈছিল অসম মহিলা বিশ্ববিদ্যালয়।
ছাত্ৰীসকলৰ এই প্ৰতিবাদে সেই সময়ত অচেতন শিক্ষানুৰাগীসকলৰ মনত যথেষ্ট প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যদিও লাহে লাহে সেইবোৰ তল পৰিছিল। বিশ্ববিদ্যালয়খনৰ ছাত্ৰী একতা সভাই চলিত বৰ্ষৰ ১৯ মাৰ্চত ৩৬ ঘণ্টা ধৰি অনশনৰ কাৰ্যসূচী হাতত লৈ অসম চৰকাৰক বিশ্ববিদ্যালয়খন বন্ধ নকৰিবলৈ আহ্বান জনাইছিল।
বিশ্ববিদ্যালয়খনৰ স্থায়ী উপাচাৰ্য নিযুক্তি আৰু পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰূপে গঢ়ি তুলিবলৈ দাবী জনাইছিল অসম মহিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ চিন্ময় গগৈয়ে। আনকি 'বেটি বচাও বেটি পঢ়াও' শ্লগান দিয়া নৰেন্দ্ৰ মোডীক এই মহিলা বিশ্ববিদ্যালয়খনৰ প্ৰতি দৃষ্টি দিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰিছিল।
আছু, এছ এফ আইকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে ছাত্ৰীসকলৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচীৰ পাছত মহিলা বিশ্ববিদ্যালয়খনৰ বিষয়ক লৈ বিধানসভাৰ মজিয়াও গৰম হৈছিল। বাধ্য হৈ বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপত বিশ্ববিদ্যালয়খনৰ স্বীকৃতি অক্ষুণ্ণ ৰখাৰ আশ্বাস দিয়াত ৰাতি উজাগৰে থাকি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী উঠাই লৈছিল।
শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে ২০১৮-১৯ বৰ্ষৰ নামভৰ্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। বিশ্ববিদ্যালয়খনৰ স্নাতক শ্ৰেণীৰ বাবে বি এ (মনোবিজ্ঞান) বেষ্টেলৰ অৱ ছাইক'থেৰাপি আৰু পোষ্ট গ্ৰেজুৱেট শ্ৰেণীৰ ১৪টাকৈ বিভাগত ছাত্ৰীসকলে নামভৰ্তিৰ বাবে যোৱা কেইবছৰৰ তুলনাত যথেষ্ট ভিৰ লাগিছিল।
প্ৰতিবাদ আৰু সংবাদমাধ্যমত প্ৰকাশিত বাতৰিৰ পাছত এই শ্ৰেণীসমূহৰ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱা নাই। শেহতীয়াকৈ অৱশ্যে ১৫টা বিভিন্ন বিষয়ত নামভৰ্তিৰ বাবে যথেষ্ট সংখ্যক ছাত্ৰীয়ে আবেদন কৰাৰ কথা জানিবলৈ দিছে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই।
এই বছৰ মহিলা বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে পূৰ্বতকৈ অধিক সংখ্যক ছাত্ৰীয়ে আবেদন কৰাৰ লগতে নামভৰ্তিৰ সুবিধা নাপাই বহুসংখ্যক ছাত্ৰী হতাশ হ'বলগীয়া হৈছে। প্ৰথম আৰু দ্বিতীয় কাউন্সিলিঙতে অৰ্থনীতি, অসমীয়া, ইংৰাজী, ৰাজনীতি বিজ্ঞান, শিক্ষা, সমাজ বিজ্ঞান বিষয়ৰ নামভৰ্তি সম্পূৰ্ণ হৈছে। এই বিভাগসমূহত এতিয়া কোনো খালী আসন নাই।
বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পঞ্জীয়ক এল কে হাজৰিকাই জানিবলৈ দিয়া মতে এই বৰ্ষৰ নামভৰ্তিৰ বাবে আবেদন কৰা ছাত্ৰীৰ সংখ্যা দুগুণ হৈছিল। সেয়েহে বিশ্ববিদ্যালয়খনে আসন বৃদ্ধিৰ বাবে চিন্তা কৰিবলগীয়া হৈছে। ইতিমধ্যে নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা পাছত বিশ্ববিদ্যালয়খনৰ ফেকালিটিয়ে নতুন শৈক্ষিক বৰ্ষৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে।
বিশ্ববিদ্যালয়খনত এম বি এ, এম কম, টুৰিজিম, কালছাৰেল ষ্টাডিছ, ইংৰাজী, ফেশ্বন ডিজাইনিং, ছ'চিঅ'লজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, পৰিৱেশ বিজ্ঞান আদি বিষয়ত তিনি শতাধিক ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।