/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/water.jpg)
ডিজিটেল সংবাদ, যমুনামুখ: দেশৰ প্ৰতিগৰাকী জনতাই যাতে সুস্থ সবল জীৱন যাপন কৰিব পাৰে তাৰ বাবে কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি প্ৰস্তুত কৰিছে। কিন্তু ইয়াৰ মাজতে এনে বহু অঞ্চল এতিয়াও আছে যত খোৱাপানীৰ অভাৱত এতিয়াও ভুগিছে জনতা।
বিধায়ক চিৰাজ উদ্দিন আজমলৰ সমষ্টি যমুনামুখৰ কাৰম গাঁৱৰো একেই অৱস্থা ৷ এই গাঁৱৰ লোক সকলে আজিও পথাৰ ,খাল ডোং আদিৰ গেলা পানী খাই জীৱন নিৰ্বাহ কৰি আছে ৷
কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰত্যেকজন নাগৰিকে যাতে এটুপি বিশুদ্ধ পানী পায় তাৰ বাবে ৰাষ্ট্ৰীয় জল জীৱন আঁচনি প্ৰস্তুত আনিছে ৷ এই আঁচনিৰ নামত চৰকাৰে কোটি কোটি খৰচ কৰিছে যদিও এই আঁচনিখনে কিন্তু এই সকল লোকক ঢুকি পোৱা নাই ৷
গাঁৱখনৰ তিনিশ পৰিয়ালে আজিও পুৱা দুপৰীয়া আৰু আবেলি পানীৰ কলহ ,বাল্টি আদি লৈ পথাৰৰ খাল ডোঙৰ পৰা খোৱাপানী আনে ৷ পথাৰৰ এই গেলা পানী খাই বিভিন্ন জনে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷
চৰকাৰ আহিল চৰকাৰ গ'ল , বিভিন্ন জনে বিভিন্ন প্ৰতিশ্ৰুতি দিলে ৷ নিৰ্বাচনো জিকিলে ৷ কিন্তু নেতা প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰতিতেই থাকিল ,কিন্তু এই সকলৰ সমস্যা কিন্তু সমাধান নহ'ল ৷
এতিয়া চাৰিওফালে উন্নয়ন হোৱা বুলি ঢাক ঢোল বজোৱা চৰকাৰৰ হাতৰ পৰা যমুনামুখৰ এই গাওঁখন কেনেকৈ সাৰি গ'ল এইয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
আৰু পঢ়ক: নদীত গা ধুবলৈ গৈ নিৰুদ্দেশ হোৱা শিশুৰ মৃতদেহ উদ্ধাৰ…