মাজনিশা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ : কেইবাটাও বাসগৃহ ভস্মিভূত…

মাজনিশা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ : কেইবাটাও বাসগৃহ ভস্মিভূত…

author-image
asomiyapratidin
New Update
মাজনিশা দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ : কেইবাটাও বাসগৃহ ভস্মিভূত…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ ছোটৰূপহীত বুধবাৰে নিশা অগ্নিকাণ্ড ৷ দুটিকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ ফলত অগ্নিকাণ্ডই বিধ্বংশী ৰূপ লয় ৷ ফলত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ যায় ৷ অগ্নিকাণ্ডৰ ফলত ৭ মহীয়া এটি কণমানিসহ এগৰাকী মহিলা জুইত আবদ্ধ হৈ পৰিছিল যদিও স্থানীয় লোকৰ তৎপৰতাৰ বাবে প্ৰান ৰক্ষা পৰে ৷

Advertisment

জানিব পৰা মতে নিশা প্ৰায় ১২:১০ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰন ঘটি জুয়ে আগুৰি ধৰে বাসগৃহ ৷ জুই জ্বলি থাকোতে পুনৰ আন এক চিলিণ্ডাৰ বিস্ফোৰন ঘটে ৷ ছোটৰূপহীত সেইসময়ত বিহুৰ অনুস্থান চলি আছিল ৷ বিস্ফোৰনৰ পিছত বিহুতলিৰ পৰা বিভিন্ন লোক আহি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও পৰিয়াল কেইটাৰ আৱাসগৃহ সম্পূৰ্ন ভাবে জুইত জাহ যায় ৷

জুইৰ ফলত ১১ টাকৈ ছাগলী, ১২ টাকৈ হাঁহৰো মৃত্যু হয় ৷ লগতে বাসগৃহত থকা সকলো নথি পত্ৰ , অনান্য সামগ্ৰী জ্বলি যায় ৷ চিলিণ্ডাৰ বিস্ফোৰন ঘটি জ্বলি যোৱা বাসগৃহ কেইটি হৈছে আব্দুল মতিন , আব্দুল লতিফ , আব্দুল হানিফ আৰু হালিম খাতুনৰ বাসগৃহ ৷

ক্লিক কৰি পঢ়কঃ 'আলফাই অসমত কলপুলি এটাও ৰোৱা নাই'- ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী