মাওবাদীৰ সৈতে সম্পৰ্কৰ সন্দেহত আটক ট্ৰেড ইউনিয়নৰ নেতা...

মাওবাদীৰ সৈতে সম্পৰ্কৰ সন্দেহত আটক ট্ৰেড ইউনিয়নৰ নেতা...

ডিজিটেল ডেস্ক : কুখ্যাত মাওবাদীৰ সৈতে সম্পৰ্ক ৰখাৰ সন্দেহত আটক কৰা হয় শিলচৰৰ ট্ৰেড ইউনিয়নৰ এগৰাকী নেতাক । ধৰিত্ৰী শৰ্মা নামৰ এই গৰাকী নেতা কাছাৰৰ অসম মজুৰিপ্ৰাপ্ত শ্ৰমিক ইউনিয়নৰ জিলা সচিব ৰূপে কৰ্মৰত অৱস্থাত আছিল । আনহাতে, ৰাজ্যৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ এটি অভিযানত সন্দেহৰ ভিত্তিত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় নেতা গৰাকীক । শৰ্মাক কাছাৰ জিলাৰ বৰখোলাৰ সোণাপুৰৰ নিজা বাসগৃহৰ পৰা আটক কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, পৰৱৰ্তী অনুসন্ধানৰ বাবে ধৰিত্ৰী শৰ্মাক গুৱাহাটীস্থিত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হয় সোমবাৰে ।

আনহাতে, ধৰিত্ৰী শৰ্মাৰ নাম পোহৰলৈ আহিছিল আটকাধীন মাওবাদী নেতা কাঞ্চন দাৰ স্বীকাৰোক্তিৰ পৰা । আৰক্ষীয়ে কাঞ্চন দাৰ স্বীকাৰোক্তিৰ পম খেদি গ্ৰেপ্তাৰ কৰিছিল ধৰিত্ৰী শৰ্মাক ।

ইয়াৰ ওপৰিও, কামৰূপ জিলাৰ পৰাও আৰক্ষীয়ে মাওবাদীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ কৰে আন এজন লোকক ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in