টোলগেটৰ নামত অবাধ লুন্ঠন ৰাইজক, কেন্দ্ৰৰ তথ্যই উদঙালে স্বৰূপ

টোলগেটৰ নামত অবাধ লুন্ঠন ৰাইজক, কেন্দ্ৰৰ তথ্যই উদঙালে স্বৰূপ

ডিজিটেল ডেস্ক : ৰাজ্যত টোলগেটৰ নামত অবাধ লুন্ঠন ৰাইজক । এই অভিযোগ আজিৰ নহয়, দীৰ্ঘদিন ধৰি ভুক্তভোগী ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল যদিও কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ । আনকি কেৱল ৰাইজেই নহয় বৰং একত্ৰিত ৰূপত বিভিন্ন দল সংগঠনেও সময় সময়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । তদুপৰি টোলগেটসমূহত বহু সময়ত বলপূৰ্বক ধন দাবীক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনাও সংঘটিত হৈ আহিছে । ইয়াৰ পিচতো চৰকাৰে এই লুন্ঠনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

কিন্তু ৰবিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উদ্বোধন কৰা দিল্লী-মুম্বাই সংযোগী এক্সপ্ৰেছ হাইৱে'ৰ বাবে নিৰ্ধাৰণ কৰা টোলৰ পৰিমাণে অসমত টোল সংগ্ৰহৰ নামত চলা লুন্ঠনকাৰ্য পুনৰ প্ৰমাণ কৰিলে ।

উল্লেখ্য যে, ৮ লেনযুক্ত ২২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ বাবে নিৰ্ধাৰণ কৰা টোলৰ পৰিমাণ মাত্ৰ ৭০ টকা । অৰ্থাৎ প্ৰতি কিলোমিটাৰৰ বাবদ মাত্ৰ ৩৫ পইছা । কিন্তু অসমত সেই একেই দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰিবলৈ হ'লে আদায় দিব লাগিব কমেও ২৪০ টকা । আমোদজনক ভাৱে য'ত দিল্লীৰ পৰা জয়পুৰলৈ ৭০ টকা সংগ্ৰহ কৰিবলৈ মাত্ৰ এখন টোলগেট, অসমত আকৌ প্ৰতি ৬০ কিলোমিটাৰত এখনকৈ টোলগেট । এই ২৪০ টকাও মাচুলৰ নূন্যতম পৰিমাণহে । গাড়ীৰ আকাৰ বৃদ্ধি হ'লে টোলৰ পৰিমাণো বৃদ্ধি হ'ব ।

এতিয়া প্ৰশ্ন হয়, অসমৰ ৰাইজে টোলগেটৰ এই অত্যাচাৰৰ পৰা মুক্ত হ'ব নে ? একেই ৰাষ্ট্ৰীয় ঘাইপথ সমগ্ৰ দেশতেই, তেন্তে একেই নূন্যতম নিৰিখ নিৰ্ধাৰণ কৰিব পৰা সম্ভৱ হ'ব নে কাহানিবা ? আনহাতে, বহু সময়ত টোলৰ মূল্য বচাবলৈ দুখন মালবাহী ট্ৰাকে নিব লগীয়া সামগ্ৰী এখন ট্ৰাকেই কঢ়িয়াই নিয়ে বিপদসংকূল ভাৱে । যাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যাও লক্ষণীয় । এনে বহু আনুসংগিক কথাই জড়িত টোলগেটৰ সৈতে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in