ডিজিটেল ডেস্কঃ অসম মাধ্যমিক শিক্ষা সঞ্চালকে স্নাতক আৰু স্নাতকোত্তৰ TET ৰ নতুন সময় সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব TET ৰ লিখিত পৰীক্ষা।
পূৰ্বে ২৯ ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। পৰীক্ষালৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে হঠাৎ পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা হৈছিল।
যোৱা ৫ ডিচেম্বৰত নতুনকৈ প্ৰকাশ পোৱা পৰীক্ষাৰ পাঠ্যক্ৰমত ৫০ নম্বৰৰ গণিত বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল।
ন্যায়ালয়েও বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি শুকুৰবাৰে ২৯ ডিচেম্বৰৰ পৰিবৰ্তে তাৰ পাছত অতি কমেও অতিৰিক্ত ১৫ দিনৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰে।
নিৰ্দেশনাত উল্লেখ থকা মতে ৩ জানুৱাৰীৰ পৰা পৰীক্ষাৰ্থীসকলে প্ৰৱেশপত্ৰসমূহ নিৰ্দিষ্ট ৱেবচাইটক মাধ্যমেৰে ডাউনলোড কৰিব পাৰিব।