দ্ৰুত গতিত হ্ৰাস পাইছে কেঁচা পাতৰ মূল্য, গভীৰ সংকটত ক্ষুদ্ৰ চাহ খেতিয়ক...

বৰ্তমান দ্ৰুত গতিত হ্ৰাস পাইছে ক্ষুদ্ৰ চাহ খেতিয়কৰ শ্ৰমৰ ফচল কেঁচা পাতৰ মূল্য
tea garden
tea garden

প্ৰতিদিন সেৱা, নামৰূপ :  বৰ্তমান দ্ৰুত গতিত হ্ৰাস পাইছে  ক্ষুদ্ৰ চাহ খেতিয়কৰ  শ্ৰমৰ ফচল কেঁচা পাতৰ মূল্য। এনে পৰিস্থিতিত শংকিত হৈ পৰিছে  ক্ষুদ্ৰ চাহ খেতিয়কসকল।  প্ৰায় আশী দশকৰ পৰা বৃহত্তৰ নাহৰকটীয়া অঞ্চলত একাংশই  অন্যান্য ব্যৱসায় এৰি বাম মাটিসমূহত চাহ পুলি ৰোপন কৰি এক স্বচ্ছল জীৱিকাৰ পথ  সুচল কৰিছিল। 

প্ৰথম অৱস্থাত এই ব্যৱসায়ত আছিল অধিক স্বচ্ছলতা। সমগ্ৰ দেশৰ নিৰ্ধাৰিত চাহ উৎপাদনত  ক্ষুদ্ৰ চাহ খেতিয়কে এক উল্লেখনীয় বৰঙণি আগবঢ়াইছিল। কিন্তু বিগত পাছ ছয় বছৰৰ পৰা আশ্বৰ্যজনকভাৱে  উৎপাদনৰ ভৰপক সময়তে কেঁচা চাহ পাতৰ মূল্য নিম্নমুখী হৈ পৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বছৰটোৰ সকলো পৰিকল্পনাতে আউল লগাইছে।

উল্লেখ্য যে বিশেষকৈ অসমত জুলাই-আগষ্ট মাহত বতৰ প্ৰতিকূল হোৱাৰ বাবে চাহ পাতৰ উৎপাদনো বৃদ্ধি পায়। উল্লেখৰ প্ৰয়োজনযে বিগত কিছু বছৰৰ পৰা  এই উৎপাদন বৃদ্ধি হোৱাৰ সময়তে কেঁচা পাতৰ মূল্য অতি নিম্ন হৈ পৰে। এই বছৰো বিগত দুই তিনিমাহত পর্যাপ্ত বৰষুণ হোৱাৰ বাবে পাতৰ উৎপাদনো ভাল হৈছে যদিও কেঁচা পাতৰ মূল্য ন/ দহ টকালৈ হ্ৰাস পালে। 

অৰ্থাৎ  চাহ গছত  মৰা ঔষধ, সাৰ যোগান, পাত চিঙা, বা অন্যান্য খৰছ আদি ধৰি উৎপাদন ব্যয়ত কৈ কেঁচা পাতৰ মূল্য কম হৈ যোৱাত অসহায় হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। উৎপাদনত প্ৰতিকেজিত প্ৰায় বাৰ টকা ব্যয় কৰি বৰ্তমান  কেজিত  দহ টকা দৰত বেচিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে । 

গুৰুত্বপূৰ্ণ যে নাহৰকটীয়া অঞ্চলত মূলতঃ সত্যনাৰায়ণ, সাৰদা টি, ধাপি টি,  সৰুজান, জয়পুৰ বাগিছাই প্ৰধানকৈ উক্ত বৃহৎ এলেকাৰ পৰা কেঁচা পাত ক্ৰয় কৰে।  ইয়াৰে কেৱল সত্যনাৰায়ন চাহ বাগিচা আৰু নাহৰকটীয়া চাহ বাগিচাৰ নিজা উৎপাদন আছে  যদিও আন বাগিচা সমূহৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰতে  নিৰ্ভৰ কৰি চলে।

এই সমগ্ৰ বিষয়ৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অথবা ক্ষুদ্ৰ চাহ খেতিয়কৰ ন্যাৰ্য প্ৰাপ্তি প্ৰদানৰ বাবে মাত মাতিবলৈ জিলা ভিত্তিক এক মণিটৰিং সমিতি আছে যদিও  সমিতিৰ অস্তিত্বও ক্ৰমে গুৰুত্বহীন হৈ পৰা বুলি হে ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অভিযোগ কৰিছে।

অসমৰ চৰকাৰ বা চৰকাৰৰ উদ্যোগ বিভাগেও এই  ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in