ঠিকাদাৰৰ পিছত ৰাজহ সংগ্ৰহৰ থলুৱা ফ্ৰেঞ্চাইজিক চাটাই অভিযান শক্তি বিভাগৰ; বৰপীৰা বহিৰাগতলৈ

ঠিকাদাৰৰ পিছত ৰাজহ সংগ্ৰহৰ থলুৱা ফ্ৰেঞ্চাইজিক চাটাই অভিযান শক্তি বিভাগৰ; বৰপীৰা বহিৰাগতলৈ

author-image
asomiyapratidin
New Update
ঠিকাদাৰৰ পিছত ৰাজহ সংগ্ৰহৰ থলুৱা ফ্ৰেঞ্চাইজিক চাটাই অভিযান শক্তি বিভাগৰ; বৰপীৰা বহিৰাগতলৈ

ডিজিটেল সংবাদ,নগাঁও: ঠিকাদাৰক ভাতে মাৰিবলৈ অভিসন্ধি অব্যাহত ৰখাৰ সময়তে শক্তি বিভাগত এইবাৰ ৪১৫ গৰাকী ৰাজহ সংগ্ৰহ কৰা থলুৱা লোকক খেদা কাম চলাই থকা হৈছে ৷ ৪১৫ জন থলুৱা লোকৰ নেতৃত্ব থকা ফ্ৰেঞ্চাইজিক সম্পূৰ্ণকৈ খেদি ৰাজহ সংগ্ৰহৰ সমগ্ৰ প্ৰক্ৰিয়াটো গতাই দিব বিচৰা হৈছে বহিৰাগত লোকক ৷

Advertisment

শক্তি বিভাগৰ পৰা আঁতৰাই দিব বিছৰা থলুৱা লোকৰ ফ্ৰেঞ্চাইজি সকলে বিগত সময়ত শক্তি বিভাগত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ শক্তি মন্ত্ৰী বিমল বৰাই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত বিভাগে সফলতা লাভ কৰাৰ বাবে বা বা লৈছিল ৷

২০০৫-২০০৬ বৰ্ষৰ পৰা শক্তি খণ্ডৰ উন্নতিৰ বাবে নিৰ্দিষ্ট কমিচনৰ ভিত্তিত অসমত ৪১৫গৰাকী ফ্ৰেঞ্চাইজিৰ সৈতে চুক্তি কৰি নিয়োজিত কৰিছিল শক্তি বিভাগে ৷ মূলত গ্ৰামাঞ্চলৰ পুতৌ লগা বৈদ্যুতিক ব্যৱস্থাৰ উন্নতি, বিদ্যুত চুৰি ঘটনা ৰোধ কৰা, গ্ৰামাঞ্চলৰ ৰাইজৰ বিদ্যুতৰ মাছুল সংগ্ৰহ,অনাদায় হৈ থকা বিদ্যুতৰ মাছুল উঠোৱাকে ধৰি বিভিন্ন দায়িত্ব অৰ্পণ কৰিছিল ফ্ৰেঞ্চাইজিক । ফ্ৰেঞ্চাইজি সমূহে শক্তি বিভাগৰ কামত নিজে নিয়োজিত হোৱাৰ লগতে গ্ৰামাঞ্চলৰ বহু সংখ্যক নিবনুৱাকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছিল।

বিভিন্ন সময়ত বিভাগৰ সৈতে চুক্তি পত্ৰ তৈয়াৰ কৰি শক্তি খণ্ডৰ উন্নতিৰ বাবে কাম কৰি থকা ফ্ৰেঞ্চাইজিৰ ক্ষেত্ৰত শক্তি বিভাগে চাটাই অভিযানৰ সিদ্ধান্ত লোৱাত অমানিশা নামি আহে।বিজুলী ভৱনৰ নিৰ্দেশ অনুসৰি এজন এজন কৈ ফ্ৰেঞ্চাইজিক অব্যাহতি দিয়া কাৰ্য অব্যাহত ৰাখিছে বিভাগটোৱে।

নগাঁও বিদ্যুত উপসংমণ্ডল দুইৰ অধীনত থকা মুঠ ৪৬ গৰাকী ফ্ৰেঞ্চাইজিক ইতিমধ্যে অব্যাহত দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷ ৰাজ্যত গৰিষ্ঠ সংখ্যক ফ্ৰেঞ্চাজিকে অব্যাহতি দি চাটাই কৰিছে শক্তি বিভাগে ৷ চুক্তি পত্ৰৰ ম্যাদ উকলি যোৱাৰ গইনা লৈ অব্যাহতি দিয়া হৈছে যদিও এই কামৰ বাবে শক্তি বিভাগে বৰপীৰা পাৰিছে বহিৰাগত লোকৰ বাবে ৷ তাৎপৰ্যৰ বিষয় এই যে ফ্ৰেঞ্চাইজিৰে চুক্তিৰ ম্যাদ ২০১৮বৰ্ষতে সমাপ্তি হোৱাৰ পিছতো শক্তি বিভাগে অব্যাহতি নিদি ২০২২ চনলৈকে ৰৈ থকাটোয়ে শক্তিবিভাগৰ থলুৱা বিৰোধী চৰিত্ৰক উদঙাই দিছে ৷

আৰু পঢ়ক: ঢকুৱাখনাত ড্ৰাগছ জব্দ, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ…

nagaon assam Assam State Electricity Board