/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
অসমৰ ছয় জনগোষ্ঠীক লৈ অসম চৰকাৰৰ প্রতাৰণা।
আজিলৈ প্রস্তুত নহ’ল মন্ত্রীগোটৰ প্রতিবেদন।
বিধানসভাত বুধবাৰে উত্থাপন হৈছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রসংগ।
প্রশ্ন উত্থাপন কৰিছিল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই।
বিধায়ক কলিতাৰ প্রশ্নৰ উত্তৰ বিভাগীয় মন্ত্রী ডাঃ ৰণোজ পেগুৰ।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্রক্রিয়া এতিয়াও কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন।
মন্ত্রী গোটৰ প্রতিবেদন আজিও প্রেৰণ কৰা নহ’ল কেন্দ্রলৈ।
কেন্দ্রীয় চৰকাৰৰ লগত এই সন্দৰ্ভত কোনো যোগাযোগো কৰা নাই ৰাজ্য চৰকাৰে।