/asomiyapratidin/media/media_files/2025/03/29/gVxj8smmBuyflpTqx50l.jpg)
ডিজিটেল সংবাদ,ঘিলাধাৰীঃ আজি বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত ড° বিষ্ণুপ্ৰিয়া শইকীয়া স্মৃতি ভৱনত অসম বিজ্ঞান সমিতিৰ বৰহোলা শাখা গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ উক্ত সভাৰ সভাপতিত্ব কৰে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বুধিন্দ্ৰ নাথ হাজৰিকাই৷
উক্ত সভাত অসম বিজ্ঞান সমিতিৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ৰমেন গগৈ উপস্থিত থাকি অসম বিজ্ঞান সমিতিৰ দ্বাৰা ৰাজ্যৰ বিভিন্ন স্থানত বিজ্ঞান জনপ্ৰিয়কৰণৰ লগতে অন্ধবিশ্বাস দূৰীকৰণেৰে সমাজৰ সকলো স্তৰৰ লোকৰ বিজ্ঞান মানসিকতা গঢ়ি তুলিবলৈ ১৯৫৩ চনৰে পৰা গ্ৰহণ কৰি অহা উল্লেখনীয় পদক্ষেপসমূহৰ লগতে একোটা কেলেণ্ডাৰ বৰ্ষৰ বিজ্ঞান সম্বন্ধীয় কাৰ্যসূচীবোৰ পালন কৰাৰ সন্দৰ্ভত সভাত অৱগত কৰে।
উক্ত সভাতে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ থানুৰাম শইকীয়াক সভাপতি, বিজ্ঞান শিক্ষক যামিনী মোহন বৰুৱাক সম্পাদক, বি কে একাডেমীৰ অধ্যক্ষ উত্তম হাজৰিকাক কোষাধ্যক্ষ, বিজ্ঞান শিক্ষক দীপাংকৰ পূজাৰীক প্ৰচাৰ সম্পাদক হিচাপে লৈ ২১ জন সদস্যৰে অসম বিজ্ঞান সমিতি, বৰহোলা শাখা গঠন কৰা হয় ।
নৱ প্ৰজন্মৰ বিজ্ঞান মনস্কতা আৰু উদ্ভাৱনী দক্ষতা বৃদ্ধিৰ বাবে লোৱা এই পদক্ষেপৰ বাবে সচেতন বৰহোলাবাসীয়ে আয়োজক সকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷