'গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ দ্বিতীয়খন হ'ব দিয়া নহ'ব' : অসম সত্ৰ মহাসভা...

মাজুলীৰ শ্রীশ্রীদক্ষিণপাট সত্ৰৰ গোঁসায়ে নিজ ইচ্ছা মতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ নকল প্ৰস্তুত কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম সত্ৰ মহাসভাই
assam sattra mahasabha
assam sattra mahasabha

ডিজিটেল ডেস্ক : মাজুলীৰ শ্রীশ্রীদক্ষিণপাট সত্ৰৰ গোঁসায়ে নিজ ইচ্ছা মতে জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰৰ নকল প্ৰস্তুত কৰা অসৎ প্রচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম সত্ৰ মহাসভাই।

অসম সত্ৰ মহাসভাৰ শুৱালকুছিৰ শ্ৰীশ্ৰী ঈশ্বৰ হাটী সত্ৰত ২৬/৫/২০১৯ তাৰিখত অনুষ্ঠিত কাৰ্যনিৰ্বাহকৰ প্রস্তাৱ মর্মে দ্বিতীয়খন বৃন্দাবনী বস্ত্র কেতিয়াও হ’ব দিয়া নহ’ব বুলি মন্তব্য কৰা হৈছিল।

এই সন্দৰ্ভত শ্রীশ্রী দক্ষিণপাট সত্ৰক অৱগত কৰা হৈছিল যদিও তেখেতসকলে বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে। তেতিয়া উপায়হীন হৈ অসম সত্ৰ মহাসভাৰ অন্যতম কার্যকৰী সদস্য শ্রী নীলমণি বৰাই যোৰহাট মহামান্য আদালতত TS4/2019 Misc (j), 50/2019 নম্বৰত গোচৰ তৰে ৷ মহামান্য আদালতেও এই বিষয়টোৰ এক শুনানি আগবঢ়ায়।

কিন্তু আশ্বর্যজনক কথাটো হ'ল ইমানখিনি হৈ যোৱাৰ পাছতো আত্মপক্ষ সমর্থন কৰিবলৈ গৈ বৃন্দাবনী বস্ত্ৰৰ প্রস্তুত সমিতিৰ সম্পাদকজনে সংবাদ মাধ্যমৰ সন্মুখত মিথ্যাৰ আশ্ৰয় লৈ আবোল তাবোল প্রলাপ বকি নিজকে ধোৱা তুলসীৰ পাত সজাব খুজিছে বুলি ক্ষোভ প্ৰকাশ অসম সত্ৰ মহাসভাৰ।

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই মন্তব্য কৰি সকীয়াই দিয়ে যে এইক্ষেত্ৰত অনাহকত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে প্রাক্তন মুখ্যমন্ত্ৰী আৰু অসমৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলক ইয়াৰ মাজলৈ নানিবলৈ।

লগতে সম্পাদক গৰাকীয়ে স্পষ্ট কৰি দিয়ে যে নকল বৃন্দাবনী বস্ত্র প্রস্তুত কৰণত অসমৰ ৰাইজ তথা সত্ৰ আৰু সত্ৰাধিকাৰ সকল জ্ঞাত নহয়। অতি সংগোপনে কৰা এই দুষ্কাৰ্য্য সন্দৰ্ভত তেওঁ যিমানেই চাফাই নিদিয়ক কিয় অসমৰ ৰাইজে কেতিয়াও মানি নলয়।

কোনো কাৰণতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূর্ব সৃষ্টি বৃন্দাবনী বস্ত্ৰ দ্বিতীয়খন হ'ব দিয়া নহ'ব বুলি প্ৰস্তুত সমিতিৰ সম্পাদকজনক সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই পুনৰ স্পষ্ট কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in