সমবায়ত আজৱ কাণ্ড : দৰমহা ৬ হাজাৰ, সুতলৈ দিয়ে ৫০ লাখ...

ৰাজ্যৰ আঠশ সমবায়ৰ বিষয়া-জনপ্ৰতিনিধিয়ে চলাইছে কোটি টকাৰ সুতৰ বেহা
samabay samiti
samabay samiti
Published on
Updated on

ডিজিটেল ডেস্ক : অসমৰ ৮০০ খন গাঁও পঞ্চায়ত সমবায় সমিতিৰ প্ৰায় ৩৫ লাখ অংশীদাৰ পৰিয়ালক অন্ধকাৰত ৰাখি সমবায় সমিতি সমূহৰ সভাপতি, সম্পাদক সকলে বিভাগীয় মুৰব্বীৰ পৃষ্ঠপোষকতাত অবৈধ সুতৰ ব্যৱসায় চলাই আহিছে।

কেৱল সেয়ে নহয়, সমবায় সমিতিৰ জৰিয়তে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাউলৰো এক বৃহৎ অংশ গোপনে চোৰাং বজাৰত বিক্ৰী কৰি কিলোৱে প্ৰতি ১২ টকাৰ দৰত বাংলাদেশলৈ চালান দিয়াৰ অভিযোগো উঠিছে।

উল্লেখ কৰা প্ৰয়োজন যে, সমবায় সমিতি সমূহৰ এই ৩৫ লাখ পৰিয়ালৰ সকলোৱে মাহে ৩৫ৰ পৰা ৩৬ কিলোলৈ চাউল লাভ কৰাৰ উপৰি জনে প্ৰতি ৫ কিলোকৈ প্ৰধানমন্ত্ৰীৰ দৰিদ্ৰ সাহায্য আঁচনিৰ অধীনতো বিনামূলীয়াকৈ চাউল লাভ কৰিব লাগে।

সেই হিচাবত প্ৰতিখন সমবায়ত থকা ৫ হাজাৰ অংশীদাৰ পৰিয়ালৰ বাবে প্ৰতিমাহে ৩,৫০০ৰ পৰা ৪ হাজাৰ কুইন্টল চাউল এই সমবায় সমিতি সমূহক চৰকাৰে যোগান ধৰে যদিও ইয়াৰ এটা ক্ষুদ্ৰ অংশহে দৰিদ্ৰ ৰাইজে লাভ কৰে।

অৰ্থাৎ প্ৰতিমাহে প্ৰায় ৩০ লাখ কুইন্টল চাউলৰ বিশাল চোৰাং বেহা সমবায় সমিতিৰ নেতৃত্বতে চলি আছে যদিও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰে এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰৱে আছে।

এই প্ৰসংগতে উল্লেখ কৰা ভাল যে ৰাজ্যখনৰ জনজাতীয় আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ বসতিপূৰ্ণ জিলাসমূহৰ লগতে মুছলমান বসতিপ্ৰধান বৰাক উপত্যকা আৰু মধ্য অসমৰ কামৰূপ, দৰং, তেজপুৰ, নগাঁও, নলবাৰীৰ উপৰিও নামনি অসমৰ বৰপেটা, ধুবুৰী, গোৱালপাৰ আদি জিলাৰ কৃষক ৰাইজে চৰকাৰে যোগান ধৰা সমবায় সমিতিৰ চাউল নাখায়।

ইয়াৰে গইনা লৈ তেওঁলোকক প্ৰতিমাহৰ চাউলৰ বাবে ২টকা হাৰত মুঠ ১০০, ১৫০ টকা দি চাউল প্ৰদানৰ পঞ্জীয়ন বহীত চহী কৰাই লৈ তেওঁলোকৰ নামৰ আৱন্টিত চাউল ক'লা বজাৰলৈ উলিয়াই পঠিওৱা হয়।

এই প্ৰক্ৰিয়া সম্পাদিত হয় সমবায় বিভাগৰ বিষয়াৰ জ্ঞাতসাৰেই পঞ্চায়ত সমবায় সমিতিৰ সভাপতি, সম্পাদক আৰু এচাম দালালৰ মাধ্যমত। অৰ্থাৎ এই চাউলক লৈ প্ৰতি মাহে সমবায় সমিতি সমূহত চাউলৰ চোৰাং বেহাৰ নামত ৩ কোটি টকাৰ লুট-পাট চলি আছে।

ইয়াতকৈ ডাঙৰ কথাটো হ'ল যোগান বিভাগৰ পৰা প্ৰতি মাহৰ চাউল সমবায় সমিতিৰ গুদামলৈ নিয়াৰ বাবদ যি পৰিবহণ ব্যয় হয়, সেই পৰিবহণ ব্যয় আৰু ৮০০ সমবায় সমিতিত কৰ্মৰত কৰ্মচাৰীৰ মাননিৰ ধনকলৈয়ো চলি আছে অবৈধ সুতৰ এক বৃহৎ বেহা।

সমবায় সমিতিৰ এজন সম্পাদকৰ মাননি মাত্ৰ ৫, ৬ হাজাৰ তেনে এজন সম্পাদকে সংশ্লিষ্ট সমবায় সমিতিৰ ৫০ লাখ টকা পৰ্যন্ত ঋণ সুতলৈ দিয়াৰ আজব ঘটনাও সংঘটিত হৈ আহিছে। ইয়াৰ সুযোগ চৰকাৰেই উলিয়াই দিছে। কিয়নো বিধি মতে প্ৰতি বছৰে সমবায় সমিতিখনৰ সমুদায় খৰচৰ বাবদ চৰকাৰে সম্পূৰ্ণ ব্যয়ৰ ধন আদায় দিব লাগে যদিও বহু সময়ত ই অনাদায় হৈ ৰয়।

যাৰ সুযোগ লয় সমবায় সমিতিৰ জৰিয়তে লুট-পাট চলাই থকা মধ্যভোগী লোকসকলে। অসম বিধানসভাৰ শেহতীয়া অধিবেশনত চেঙা সমষ্টিত বিধায়ক আশ্ৰাফুল হুছেইনৰ এই সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰত সমবায় বিভাগৰ পৰা এই উত্তৰ দিয়া হয় যে ৰাজ্যৰ ৮০০ খন সমবায় সমিতিৰ মুঠ ১৮০ কোটি টকাৰ অস্থায়ী ঋণ আছে। আৰু এই ঋণ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে।

চৰকাৰে এই কথাও স্বীকাৰ কৰি আওপকীয়াকৈ লয় যে ইয়াৰ বাবদ কিছু পৰিমাণৰ সুত আদায় দিব লগা হয়। কিন্তু দুখনমান সমবায় সমিতিৰ বাৰ্ষিক হিচাপৰ প্ৰতিবেদন চালেই কোটি কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী কিদৰে সমবায় সমিতিত একাংশ জনপ্ৰতিনিধি আৰু দালালে চলাইছে তাৰ ছবিখন স্পষ্ট হৈ পৰে।

কামৰূপ জিলাৰ এখন সমবায় সমিতিৰ প্ৰসংগত আমি নাম উল্লেখ নকৰাকৈ কিছু তথ্য আগবঢ়াব খুজিছো। এই সমবায় সমিতিৰ সদস্যৰ সংখ্যা প্ৰায় ৪ হাজাৰ জন, কৰ্মাচাৰী ৫ জন। সঞ্চালক মণ্ডলীৰ সদস্য-সদস্যা ১৪ জন। সুলভ মূল্যৰ দোকানী ৬৪ জন। প্ৰতি মাহে এ.এ.ৱায়ৰ চাউল লাভ কৰা পৰিয়ালৰ সংখ্যা হ'ল ১,১৭১জন।

একেদৰে পি.এইছ কাৰ্ডৰ সংখ্যা হ'ল ১০,৭৫১খন। আৰু এই কাৰ্ডসমূহে সামৰি লোৱা লোকৰ সংখ্যা হ'ল ৬৫,৪২০ জন। ২০২১-২২ বৰ্ষত উক্ত সমবায়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ২,৮৬৬.৫০ কুইন্টল, পি.এইছ আঁচনিৰ অধীনত ২০,৬৫৯.৯৮ কুইন্টল আৰু প্ৰধানমন্ত্ৰীৰ গ্ৰাম্য কল্যাণ আঁচনিৰ ২৩,৬২৩.৩৩ কুইন্টলৰ উপৰি স্কুলৰ মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত ৩,০৭০ কুইন্টল চাউল লাভ কৰে।

সমবায় সমিতিখনে দাখিল কৰা হিচাপৰ প্ৰতিবেদনত কোৱা হয় যে উক্ত বছৰ পৰ্যন্ত ব্যক্তিগত মহাজনৰ পৰা লোৱা ঋণৰ পৰিমাণ ৭৭,৭৬,১০০ টকা। উক্ত বছৰটোত বিভাগীয় কাৰ্যালয়লৈ অহা-যোৱা কৰাৰ বাবে সম্পাদকক দিয়া হয় ৬০ হাজাৰ টকা।

কম্পিউটাৰ কাটা কিনাৰ বাবদ খৰচ হয় ৪২ হাজাৰ টকা। বেংকত ১০ কোটি থকা জমাৰ হিচাপ দেখুৱাৰ পিছতো ব্যক্তিগত ঋণ লৈ সুতৰ বাবদ সেই বৰ্ষত আদায় দিয়া হয় ৭,৭৩,৫৮৩ টকা। তাৰ চাৰিজনীয়া হিচাপ পৰীক্ষকৰ প্ৰতিবেদন মতে উক্ত বৰ্ষত লোৱা ঋণৰ ১৩,১২,৯৫৯ টকা আদায় দিবলৈ বাকী আছে।

বছৰটোত বিভিন্ন উৎসৰ পৰা ৩ কোটি ১৯ লাখ ৩৭ হাজাৰ জমা হোৱাৰ পৰিৱৰ্তে ২ কোটি ৯৫ লাখ ৫৫ হাজাৰ ২৯৭ টকা ব্যয় হয়। অৰ্থাৎ আদায় দিব লগা ধাৰৰ ধনৰ হিচাপ বাদ দিলে সমবায় সমিতিখনৰ সেই বৰ্ষৰ তহবিল হ'ল ৪,৬৪,১২৩.৩৭ টকা।

এখন সমবায়ৰ এই হিচাপেই দৰচলতে ৰাজ্যৰ দৰিদ্ৰ জনতাক বিনামূলীয়া চাউল খুওৱাৰ নামত সমবায় বিভাগৰ শীৰ্ষ বিষয়া আমোলাৰ জ্ঞাতসাৰেই কোটি কোটি টকাৰ লুট-পাট চলাই থকা হৈছে সেই ছবি স্পষ্ট হৈ পৰে।

সেয়েহে হাজাৰ কোটি কেলেংকাৰী সংঘটিত কৰা এই সমবায় সমিতিৰ বিষয়ববীয়াৰ লগতে সুতখোৰ মহাজনী চক্ৰ আৰু চোৰাং চউলৰ বেহাত জড়িত বিষয়া-মধ্যভোগীৰ চিণ্ডিকেটৰ বিৰুদ্ধে তাৎক্ষণীকভাৱে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ তথা চি.পি.আইৰ জৰিয়তে এক তদন্তৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক সকলোৱে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in