/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/assam-sahitya-sabha.jpg)
ভাল খবৰ, এতিয়াৰে পৰা ইন্টাৰনেত উপলব্ধ হ'ব আপুৰুগীয়া গ্ৰন্থ, সাধুকথা আদি। ইণ্টাৰনেটত 'অসম সাহিত্য সভা' । ডিজিটেলাইজ হ'ল 'অসম সাহিত্য সভা' । সাহিত্য সভা ভৱনত আনুষ্ঠানিকভাৱে মুকলি ডিজিটেল প্লেটফৰ্ম।
https://assamsahityasabha.org ৱেবছাইট মুকলি । আপুৰুগীয়া গ্ৰন্থ, মূল্যৱান আলোচনা উপলব্ধ হ'ব ৱেবছাইটযোগে । সাধুকথা, নানা বিভিন্ন গ্ৰন্থও ডিজিটেল কৰাৰো পদক্ষেপ ।
সাধুকথা উপলব্ধ হ'ব https://linktr.ee/talesfromassam আৰু গ্ৰন্থ কোষ উপলব্ধ হ'ব www.granthakosh.sahityasabha.amtron.in।
এই অনুষ্ঠানতেই অসম সাহিত্য সভাৰ অফিচিয়েল ইউটিউব চেনেলো মুকলি কৰা হয় । সাহিত্য সভাৰ বা-বাতৰি, পুতলা নাচ আদি উপলব্ধ হ'ব ইউটিউব চেনেলত ।
এই অনুষ্ঠানত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ উপাচার্য ডঃ ভৱেশ চন্দ্ৰ গোস্বামী, এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে য়াদব, জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, জাৰিৰ হুছেইন লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।