/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3e5f365d-cb72-4a85-8122-325ae7c44ea2/c5.jpg)
ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই অসম সাহিত্য সভা নাৰায়ণপুৰ অধিবেশনৰ। বিভিন্ন ধৰণৰ বিতৰ্কত সাঙোৰ খাই পৰাৰ মাজতে আন এক বিতৰ্কই লজ্জানত কৰিছে অসম সাহিত্য সভাক।
সাহিত্য সভাৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত সুৰাপায়ী কৰ্মকৰ্তাৰ উদ্ভণ্ডালি। জানিব পৰা অনুসৰি অনুষ্ঠান পৰিবেশন কৰি থকা অৱস্থাতে শিল্পীক টনা আজোৰা কৰি মঞ্চৰ পৰা নমাই দিলে একাংশ সুৰাৰ ৰাগীত মাতাল কৰ্মকৰ্তাই।
তেজপুৰৰ সৃজনে সংগীত মহাবিদ্যালয়ৰ শিল্পীসকলে মঞ্চত অনুষ্ঠান পৰিবেশন কৰাৰ ১০ মিনিট পিছতেই একাংশ মহিলা শিল্পীক মঞ্চৰ পৰা টানি আজুৰি নমাই দিয়াৰ অভিযোগ সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী মিতালী দত্তৰ ৷ এনে ঘটনাই পুনৰ লাজত পেলাইছে অসমৰ অন্যতম জাতীয় অনুষ্ঠান অসম সাহিত্য সভাক।
আৰু পঢ়কঃ ঠিকনা বিহীন বৃদ্ধাক ৰাইজৰ অৰ্থ সাহাৰ্যৰে বৃদ্ধাশ্ৰমলৈ প্ৰেৰণ