অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে ঠংচি, পাদুন, হাজৰিকা, পাটগিৰিৰ মনোনয়ন পত্ৰ সংগ্ৰহ...

অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ প্ৰাৰ্থী হিচাপে ঠংচি আৰু পাদুনৰ নাম বহুল ভাৱে চৰ্চা হৈ আহিছিল

author-image
Asomiya Pratidin
New Update
অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হিচাপে ঠংচি, পাদুন, হাজৰিকা, পাটগিৰিৰ মনোনয়ন পত্ৰ সংগ্ৰহ...

sahitya sabha

ডিজিটেল ডেস্ক/ডিজিটেল সংবাদ, শিৱসাগৰ : যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰখ্যাত সাহিত্যিক য়েছে দৰজে ঠংচি আৰু শিৱসাগৰৰ সন্তান প্ৰবীন সাহিত্যিক, ভাষাবিদ ড০ নাহেন্দ্ৰ পাদুনৰ লগতে সূৰ্য হাজৰিকা আৰু জগদীশ পাটগিৰিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। যোৱা কিছুদিন ধৰি শতায়ু গৰকা অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি পদৰ প্ৰাৰ্থী হিচাপে ঠংচি আৰু পাদুনৰ নাম বহুল ভাৱে চৰ্চা হৈ আহিছিল।

Advertisment

ইফালে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ পৰা আৰম্ভ কৰি ইতিপূৰ্বে ১৩ গৰাকী প্ৰখ্যাত সাহিত্যিক, গৱেষকে সাহিত্য সভৰ সভাপতি পদ অলংকৃত কৰি যোৱাৰ পিছত বৃহস্পতিবাৰে আন এগৰাকী শিৱসাগৰীয়া সন্তান নাহেন্দ্ৰ পাদুনে সভাপতি প্ৰাৰ্থীৰূপে মনোনয়ন সংগ্ৰহ কৰা প্ৰসংগই শিৱসাগৰীয়া ৰাইজক বাৰুকৈয়ে উৎফুল্লিত কৰিছে।

আনহাতে, য়েছে দৰজে ঠংচি কেইবাবাৰো সভাপতি পদৰ প্ৰাৰ্থী হোৱাৰ বাবে বিভিন্ন জনে সাহিত্য সভাৰ মঞ্চৰ পৰাই আহ্বান জনাই আহিছিল যদিও এইবাৰহে তেওঁ উক্ত পদৰ বাবে জনোৱা এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ বিষয়টোৱে সমগ্ৰ ৰাজ্যতে বিশেষ গুৰুত্ব লাভ কৰিছে।

ইফালে কিছুদিন আগৰে পৰা সভাপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰচাৰ অব্যাহত ৰাখিছিল শ্ৰীমন্ত শংকৰদেৱ কথাছবিৰ প্ৰযোজক, বিশিষ্ট সাহিত্যিক সূৰ্য হাজৰিকা আৰু জগদীশ পাটগিৰিয়েও মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ কথাই পৰৱৰ্তী সভাপতিৰ বাবে চাৰিকোণীয়া পোনপটীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে।

উল্লেখ্য যে আজি উপ-সভাপতি আৰু সম্পাদৰ পদৰ বাবেও যোৰহাট কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে ক্ৰমে উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ শৰ্মা, দেৱজিৎ বৰা,চবিৰ ৰহমানে।

অসম সাহিত্য সভাৰ ইতিহাসত শিৱসাগৰৰ এক সুকীয়া পৰিচয় আছে। ১৯১৭ চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰৰ প্ৰথমখন অধিৱেশনৰ পৰা ২০১৩ চনৰ বৰপেটা ৰোড অধিৱেশনলৈকে বৃহত্তৰ শিৱসাগৰৰ পৰা ১৮ গৰাকী সাহিত্যিকে সভাপতিৰ আসন অলংকৃত কৰিছে।

শিৱসাগৰত অনুষ্ঠিত প্ৰথম অধিৱেশনত পদ্মনাথ গোহাঞি বৰুৱাই সভাপতিত্ব কৰাৰ পৰা ৭৪ সংখ্যক অধিৱেশনত কথাশিল্পী ইমৰান শ্বাহ সভাপতি হোৱালৈকে শিৱসাগৰৰ পৰা মুঠ ১৮ গৰাকী সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছে।

assam election sahitya sabha