নীলপৱন বৰুৱাৰ মৃত্যুত অসম সাহিত্য সভাৰ শোক প্ৰকাশ...

সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে
assam sahitya sabha
assam sahitya sabha

ডিজিটেল সংবাদ, গুৱাহাটী : খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাই ৷ এক শোক বাৰ্তাত সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই নীলপৱন বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

শোক বাৰ্তাটোত ড° শইকীয়াই উল্লেখ কৰি কয় - নীলপৱন বৰুৱাৰ মৃত্যু অসমৰ চিত্ৰশিল্প আৰু সমাজ জীৱনৰ বাবে বিস্তৰ ক্ষতি ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল নীলপৱন বৰুৱা। শুকুৰবাৰে দিনৰ ৩.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে খ্যাতনামা চিত্ৰশিল্পীগৰাকীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in