অসমৰ গ্ৰাম্য উদ্যোগীকৰণৰ ওপৰত ইউটিউব ধাৰাবাহিক উন্মোচন…

অসমৰ গ্ৰাম্য উদ্যোগীকৰণৰ ওপৰত ইউটিউব ধাৰাবাহিক উন্মোচন…

author-image
asomiyapratidin
New Update
অসমৰ গ্ৰাম্য উদ্যোগীকৰণৰ ওপৰত ইউটিউব ধাৰাবাহিক উন্মোচন…

ডিজিটেল ডেস্ক : অসমৰ গ্ৰাম্য উদ্যোগীসকলে নীৰৱে অসমত বিপ্লৱৰ সৃষ্টি কৰিছে আৰু এই প্ৰক্ৰিয়াত নিজৰ বাবে জীৱিকা উপাৰ্জন কৰাৰ লগতে আনৰ বাবেও জীৱিকাৰ ব্যৱস্থা কৰিছে ৷ এই নীৰৱ বিপ্লৱক কেমেৰাত বন্দী কৰি তুলিছে বৰভাগ ফাউণ্ডেচনৰ দ্বাৰা নিৰ্মিত আৰু দেওবাৰে কে চি ডিজিটেলে ইউটিউবত মুকলি কৰা "ডিছকভাৰী অৱ অসম" শীৰ্ষক ইউটিউব ছিৰিজে।

Advertisment

সমগ্ৰ ৰাজ্যতে গজি উঠা গ্ৰাম্য উদ্যোগীসকলে অসংখ্য কাম-কাজত কাম কৰি থকা সত্ত্বেও কিন্তু অতি কমসংখ্যকেহে স্বীকৃতি লাভ কৰিছে। এই গ্ৰাম্য উদ্যমীসকলৰ চকুৰে অসমক আগতে কেতিয়াও দেখা পোৱা নাছিল। সেইটোৱেই একমাত্ৰ কাৰণ এই Youtube ধাৰাবাহিকখন বনোৱাৰ। তেওঁলোকৰ সংগ্ৰামক সকলোৰে আগত প্ৰদৰ্শন কৰি তেওঁলোকৰ জীৱনৰ পৰা অনুপ্ৰাণিত হোৱাৰ। বৰভাগ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক শ্ৰী অনিৰুদ্ধ গোস্বামীয়ে কয় যে "সেই কাৰণেই আমি ৰাজ্যখনৰ দৈৰ্ঘ্য আৰু বহল ভ্ৰমণ কৰাৰ কথা ভাবিছিলো আৰু আমি ১৭৫০ কিলোমিটাৰ ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ ১৫ খন জিলাৰ এনে ২৫ জন গ্ৰাম্য উদ্যোগীক সামৰি লৈছিলো"। এই You Tube শৃংখলাটো বৰভাগ ফাউণ্ডেচনে প্ৰযোজনা কৰিছে ।

এই ধাৰাবাহিকখন মৰিগাঁও, কামৰূপ (গ্ৰাম্য), গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, দৰং, উদালগুৰি, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ গৈছে বুলি কে চি ডিজিটেলৰ শ্ৰী সমুজল কাশ্যপে জনায়। সমুজ্জ্বল কাশ্যপে পৰিচালনা কৰা এই YouTube শৃংখলাটো এতিয়া YouTubeত বহু প্ৰশংসিত KC Digital Channel সেইটো আপুনি চাব পাৰিব। ইউটিউব ধাৰাবাহিকখনৰ আঁৰৰ যুক্তি ব্যাখ্যা কৰি সমুজ্জ্বল কাশ্যপে কয় যে, "আমাৰ উদ্দেশ্য হৈছে নৱ প্ৰজন্মৰ কল্পনাশক্তিক ধৰি উদ্যমীতাৰ পথ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰা । যিহেতু Youtubeত যুৱক-যুৱতীসকল অধিক সহজ সেয়েহে এই ২৬টা খণ্ড ইউটিউবত আছে।"

বৰভাগ ফাউণ্ডেশ্যনৰ শ্ৰী অনিৰুদ্ধ গোস্বামীয়ে কয় যে "আমি এই শৃংখলাত কৃষি, গাহৰি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, পৰ্যটন, পৰিৱেশ, মীন, মৌ আৰু মূল্য সংযোজিত শস্য, হস্ততাঁত আৰু চাহৰ বিষয়ে স্পৰ্শ কৰিছো"।
ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক উদযাপনৰ প্ৰাকক্ষণত KC Digital ৰাজগড় ৰোড চৌহদত আয়োজিত এক অনুষ্ঠানত দেওবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় এই ধাৰাবাহিকখন।

আৰু পঢ়ক : 'ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই ঐতিহ্য স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে সাঁচি পুলি ৰোপন কৰি আহিছে' – ড০ হৰিচৰণ দাস…

assam serise himanta biswa sarma youtube