ধূপগুৰিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু…

ধূপগুৰিত পথ দুৰ্ঘটনাত মহিলাৰ মৃত্যু…

author-image
asomiyapratidin
New Update
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ধূপগুৰিত সোমবাৰে ভংয়কৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানী পথৰ ধূপগুৰিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো।

Advertisment

ধিঙৰ পৰা নগাঁও অভিমুখে গৈ থকা AS- 02- AB- 5211 নম্বৰৰ এখন মটৰ চাইকেলে এগৰাকী মহিলাক পাছ ফালৰ পৰা খুন্দা মাৰে। লগে লগে স্থানীয় লোকৰ তৎপৰতাত গুৰুত্বৰভাৱে আহত মহিলা গৰাকীক চিকিৎসাৰ বাবে ধিং এফ আৰ ইউলৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নগাঁৱলৈ প্ৰেৰণ কৰে।

পৰবৰ্তী সময়ত চিকিৎসাধীন অৱস্থাত চালমা খাতুন(৪২) নামৰ মহিলা গৰাকীৰ মৃত্যু হয়। স্থানীয় লোকে বাইক খন জব্দ কৰি আৰক্ষীক গতাই দিয়ে।

assam road accident