মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৩ জনে হেৰুৱালে প্ৰাণ…

মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৩ জনে হেৰুৱালে প্ৰাণ…

author-image
asomiyapratidin
New Update
মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৩ জনে হেৰুৱালে প্ৰাণ…

ডিজিটেল সংবাদ, ৱাখা: মৰিয়নী ধোদৰ আলিত সোমবাৰে নাগালেণ্ড, ডিমাপুৰৰ মোককচাঙলৈ গৈ থকা এখন টাটা ছুম'ৰ খুন্দাত তিনি গৰাকী স্কুটি আৰোহীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।

Advertisment

জানিব পৰামতে ডিমাপুৰৰ পৰা মোককচাঙ জিলালৈ অসমৰ মাজেৰে যাত্ৰী কঢ়িয়াই নিয়া এন এল ০২টি ২১১৪ নম্বৰৰ টাটা ছুম'খনৰ এছ এছ ০৩জেদ ৫৮৮৬ নম্বৰৰ স্কুটিৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

ফলত একেটা পৰিয়ালৰ তিনিজন ক্ৰমে মাতৃ, পুত্ৰ আৰু জোৱাঁয়েক থিতাতে নিহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে অঞ্চলটো উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰু একাংশ উন্মুক্ত জনতাই আৰক্ষী বিষয়া উপস্থিতে ছুমখন পথৰ পৰাই বগৰাই পেলাই দিয়ে ।

তদুপৰি ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে তিতাবৰ মহকুমা আৰক্ষী ঘটনা স্থলিত উপস্থিত হৈছে গৈ ।

assam road accident