ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন নিহত…

ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন নিহত…

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত  ঢকুৱাখনা-মাতমৰা গড়কাপ্তানী পথৰ বাহপৰা অংশত সোমবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন ব্যক্তি নিহত হয় । ঘটনাৰ বিবৰণি অনুসৰি সোমবাৰে ট্ৰেক্টৰ চলাই জীৱন নিৰ্বাহ কৰা মাতমৰা পঞ্চায়তৰ আউনীবাৰী গাঁওৰ লক্ষ্মণ সিং দলেৰ পুত্ৰ নৱজ্যোতি দলে(ভাইটি) য়ে( ৩৫) নিজৰ কৰ্ম সম্পাদন কৰি এ এছ ২২জি ৯৩২৬ নম্বৰৰ  এখন স্কুতি লৈ ঘৰমুৱা হৈছিল ।

এনেতে বিপৰীত দিশৰ পৰা তীব্ৰ গতিত অহা বজাৰৰ মাল সৰবৰাহ কৰা এ এছ ০৭ বিচি ০৮৫২ নম্বৰৰ বলেৰ' পিকআপ বগা বৰণৰ  মালবাহী বাহনখনে ভলুকাগুৰি দলঙৰ ওচৰত প্ৰচণ্ড খুন্দা মাৰে নৱজ্যোতিক। কোনো পথচাৰী নথকা অৱস্থাত খুন্দিয়াই মালবাহী লঘু বাহনখন তীব্ৰ গতিত পলাই যায়। পাছত  সমীপৰ ৰাইজে দেখি ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীক খবৰ দিয়ে ।

সদৰ থানাৰ আৰক্ষী বিষয়াই তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ ভাবে আহত নৱজ্যোতিক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ নিজৰ গাড়ীত আনি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে যদিও কিছু সময়ৰ পাছত ব্যক্তিজনৰ মৃত্যু ঘটে।

  দুটা সন্তানক ঘাট মাউৰা কৰি পৰলোকলৈ গতি কৰে খাটিখোৱা নৱজ্যোতিৰ মৃতদেহ ঢকুৱাখনা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰি ঘটনা সংঘটিত কৰি পলাই যোৱা লঘু মালবাহী ট্ৰাকখন জব্দ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in