এবছৰো কম সময় নহয় : বিজেপিয়ে পালন কৰিলেনে প্ৰতিশ্ৰুতি আৰু দায়িত্ব…

এবছৰো কম সময় নহয় : বিজেপিয়ে পালন কৰিলেনে প্ৰতিশ্ৰুতি আৰু দায়িত্ব…

তুষাৰ প্ৰতিম

ৰাজ্যত দ্বিতীয় বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ বাট মুকলি হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ'ল। ২০২১ চনৰ ২ মে'ত ৰাজ্যত দ্বিতীয়বাৰৰ বাবে বিজেপি তথা মিত্ৰজোঁট চৰকাৰ গঠনৰ বাবে নিৰ্বাচিত হৈছিল। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিবাদৰ মাজেৰে ১০ মে'ত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল।

বহু কেইটা কাৰণত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচন। কিয়নো এই নিৰ্বাচনৰ পূৰ্বে অসমীয়া জাতি আগবাঢ়িব লগীয়া হৈছিল এক সন্ধিক্ষণৰ মাজেৰে। নাগৰিকত্ব সংশোধনি আইনৰ আন্দোলনৰ তীব্ৰ প্ৰতিবাদে জোকাৰি গৈছিল ২০২১। এই আইনে অসমীয়া জাতিৰ ভাষা, সংস্কৃতি, সাহিত্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ ভাবুকিৰ প্ৰতি লক্ষ্য কৰি এই আন্দোলনত জপিয়াই পৰিছিল সকলো শ্ৰেণীৰ নাগৰিক।

এই আন্দোলনতে ছহিদ হৈছিল ৫ গৰাকীকৈ নিৰীহ যুৱক। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি জাতীয় জনজাতীয় ৰাজ্যখনৰ শ্ৰমিক, কৰ্মচাৰী, উকিলকে ধৰি সকলো শ্ৰেণীৰ সংগঠন, সাংস্কৃত কৰ্মী, শিল্পী, সাধাৰণ জনতাই নামি পৰিছিল এই আন্দোলনত। এই আন্দোলনক কেন্দ্ৰ কৰিয়েই গঢ়লৈ উঠিছিল দুটাকৈ ৰাজনৈতিক দল।

শিল্পী জুবিন গাৰ্গে চানমাৰি গণ সমাবেশত ঘোষণা কৰাৰ দৰেই পৰৱৰ্তী সময়ত গঠন কৰা হৈছিল এটা ৰাজনৈতিক দল। সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত তথা লুৰিণজ্যোতি গগৈ, দীপাংকৰ নাথ, পলাশ চাংমাই, ৰাণা প্ৰতাপ বৰুৱাকে ধৰি সংগঠন কেইটাৰ নেতৃত্বৰ উদ্যোগত গঠিত হোৱা অসম জাতীয় পৰিষদৰ পৰা আশ্চয্যজনক ভাৱে আঁতৰি গৈছিল ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ, অসম জাতীয় পৰিষদৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা আৰু সম্পাদক পলাশ চাংমাই।

অৱশ্যে কা আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই দল গঠন প্ৰক্ৰিয়াৰ পৰা নিজকে আতৰাই ৰাখিছিল। নিৰ্বাচনৰ সময়তো এইগৰাকী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি আছু আৰু অন্যান্য সংগঠনৰ নেতৃত্বই মৌনতা অৱলম্বন কৰি বিজেপিক শক্তিশালী ৰূপত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ এক পৰিৱেশ গঠন কৰি দিয়াৰো অভিযোগ উত্থাপিত হৈছিল।

ইফালে অখিল গগৈ জেলত থকাৰ অৱস্থাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঠন কৰিছিল ৰাইজৰ দল। এই ৰাইজৰ দলৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অখিল গগৈয়ে জেলৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিল।

সেইয়া যিয়েই নহওক কা আন্দোলনৰ মাজেৰে আহি অসমত দ্বিতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ গঠন হোৱা বিষয়টো স্বাভাৱিকতে আছিল এক উল্লেখনীয় ঘটনা। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বৰে পৰা কোভিড মহামাৰীয়ে অসমত ভয়াৱহ সংক্ৰমণৰ ৰূপ লোৱা বিষয়টোও আছিল এই নিৰ্বাচনৰ এটা অন্যতম মূল কাৰণ।

কোভিডৰ বিৰুদ্ধে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা তৎপৰতাই কা আন্দোলনৰ সময়ত বিজেপিৰ প্ৰতি গঢ়ি উঠা মানসিকতাৰ কিছু পৰিৱৰ্তন কৰিছিল। কোভিডৰ বাবেই কা আন্দোলনো স্থিমিত হৈছিল বুলি আজিও মন্তব্য কৰে আন্দোলনৰ নেতৃত্বই।

দ্বতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশল আছিল অতি গুৰুত্বপূৰ্ণ। কোভিডে জুৰুলা কৰা সাধাৰণ শ্ৰেণীৰ লোকে এফালে যিদৰে দৰিদ্ৰতাৰ গ্ৰাসত পৰিছিল সেইদৰে এই সাধাৰণ শ্ৰেণীৰ লোকসকল মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজাৰে কুঙা হৈ আছিল। বিজেপিয়ে নিৰ্বাচনী সভাত এই ঋণ মাফ কৰিব বুলি দিয়া প্ৰতিশ্ৰুতি আছিল দলটোৰ ব্ৰহ্মাস্ত্ৰ।

আনহাতে প্ৰতিগৰাকী মহিলাক অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যক্ষভাৱে ধন প্ৰতিমাহে একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা আৰু কৃষক, নিবনুৱা আদি গোটক চৰকাৰী আঁচনিৰ নামত ধন দিয়া কাৰ্যইও দলটোক বিজয়ৰ পথ সুগম কৰি তুলিছিল। আনহাতে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিয়া আন বহু প্ৰতিশ্ৰুতিয়ে সাধাৰণ জনতাক দলটোৰ প্ৰতি আকৃষ্ট কৰিছিল।

ইয়াৰ ভিতৰত এক অন্যতম প্ৰতিশ্ৰুতি আছিল নিবনুৱাৰ সংস্থাপন। ১ লাখ নিযুক্তিৰ কথা কৈছিল বিজেপি দলটোৱে। অৱশ্যে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ সময়তো কিন্তু এক লাখ নিৱনুৱাৰ সংস্থাপন সম্পূৰ্ণ হৈ নুঠিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত মাজে সময়ে এক লাখ নিযুক্তি সম্পৰ্কত বিভিন্ন হিচাপ দি থাকে যদিও সেইয়া স্ববিৰোধী হিচাপে প্ৰমাণিত হৈ আহিছে।

অসম আৰক্ষীত নিযুক্তিৰ কথা কোৱা চৰকাৰখনে নিৰ্বাচনৰ পিছত কনিষ্টবলৰ নিযুক্তিৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিও নিযুক্তি প্ৰদান নকৰি পুনৰ একেটা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। যাৰ বাবে প্ৰতিবাদ কৰি জেললৈ যাবলগীয়া হৈছে চাকৰি প্ৰাৰ্থী। আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ছোৱাত সম্পন্ন হোৱা নিযুক্তি প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাতিল কৰাটো এই এটা বছৰৰ ভিতৰৰ নিযুক্তি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে।

সৰ্বানন্দ সোণোৱাল চৰকাৰৰে এ পি ডি চি এল, পঞ্চায়ত আৰু গ্ৰামোন্নয়নকে ধৰি কেইবাটাও বিভাগত নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও সেই পৰীক্ষাৰ ফলাফল দিয়া হোৱা নাছিল। সোণোৱালৰ কাৰ্যকালত অনুষ্ঠিত হোৱা বহু কেইটা পৰীক্ষাৰ বিসংগতি পোহৰলৈ আহছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সেই সকলো পৰীক্ষা বাতিল কৰিলে।

আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ কথা কৈ থকাৰ মাজতে তেওঁৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা এক সিদ্ধান্তই নিবনুৱাক পুনৰবাৰ হতাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিযুক্তি প্ৰক্ৰিয়া নিকা কৰাৰ কথা কৈছে যদিও, নিযুক্তি প্ৰক্ৰিয়াৰ বাবে ব'ৰ্ড গঠন কৰিছে যদিও প্ৰতিটো পদৰ বাবে আৱেদন কৰাৰ এক মাচুল নিৰ্ধাৰণ কৰি দিছে।

এটা পদৰ বিপৰীতে নিৰ্ধাৰণ কৰা এই মাচুলে এতিয়া নিবনুৱাক বাৰুকৈয়ে বিপদত পেলাইছে। অৱশ্যে এই আৱেদন মাচুল সৰ্বান্দ সোণোৱাল চৰকাৰে উঠাই দিছিল। সোণোৱালৰ সেই সিদ্ধান্তও প্ৰত্যাহৰ কৰি এতিয়া ড০ শৰ্মাই প্ৰতিটো পদৰ বিপৰীতে মাচুল নিৰ্ধাৰণ কৰিছে।

চৰকাৰ গঠনৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰাজ্যত চলি থকা দালাল ৰাজৰ বিৰুদ্ধে গৰজি উঠিছিল। মাটিৰ দালালৰ উপৰিও পৰিবহণ বিভাগৰ কাৰ্যালয়ত গঢ়ি উঠা দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলাইছিল অভিযান। এই অভিযানত সৰু সৰু দালালৰ পৰা আৰম্ভ কৰি ৰাজপত্ৰিত বিষয়ালৈকে পৰিছিল আৰক্ষীৰ জালত। সাধাৰণ ৰাইজে চৰকাৰ তথা প্ৰশাসনৰ এই অভিযানক সমৰ্থন কৰিছিল যদিও অজ্ঞাত কাৰণত সেই অভিযান স্তিমিত হৈ পৰিল।

ইয়াৰ পিছতে আৰম্ভ হ'ল ড্ৰাগছৰ বিৰুদ্ধে অভিযান। নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰি আই পি এছ বিষয়া আনন্দ মিশ্ৰই ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানক অসম চৰকাৰে দিলে এক নতুন গতি। ৰাজ্যজুৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলিছে আসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এতিয়াও প্ৰতিদিনে ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এই অভিযানত বহু ড্ৰাগছ সৰবৰাহকাৰীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱাৰ লগতে বহুতেই আহত হৈ হাস্পতালত ভৰ্তি হবলগীয়া হৈছ।

অৱশ্যে দালাল আৰু ড্ৰাগছ বিৰোধী অভিযানক কেন্দ্ৰ কৰি চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে প্ৰদৰ্শনকামিতাক হে অধিক গুৰুত্ব দিয়াৰো অভিযোগ উত্থাপিত হৈ আহিছে। বিশেষকৈ জিলাই জিলাই ড্ৰাগছ দাহন কৰি মুখ্যমন্ত্ৰীয়ে নিজৰ প্ৰদৰ্শনকামিতাক প্ৰকাশ কৰিছে বুলি আজিও চৰ্চা অব্যাহত আছে।

নতুন চৰকাৰখনৰ আন এক উল্লেখযোগ্য সিদ্ধান্ত আছিল অসম আৰক্ষীৰ আধুনিকীকৰণ। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে অসম আৰক্ষীৰ পৰিদৰ্শক, উপ-পৰিদৰ্শক পৰ্যায়ৰ বিষয়াৰ পৰা আৰম্ভ কৰি আৰক্ষী অধীক্ষকে ধৰি শীৰ্ষ বিষয়াসকলৰ লগত আলোচনাত মিলিত হৈছে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীক এই বৈঠকতে অপৰাধীক গুলীওৱাটো এটা ষ্টাইল হ'ব লাগে বুলিও কৈছিল। মুখ্যমন্ত্ৰীৰ সেই কথাৰ পিছতে ৰাজ্যত বৃদ্ধি পালে গুলীচালনাৰ ঘটনা।

প্ৰায় প্ৰতিদিনেই এতিয়া ৰাজ্যত আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধীয়ে হয়তো পলায়ন কৰে, নহয়তো অস্ত্ৰ কাঢ়িলৈ আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে আৰু ফলত আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়। ডিজিপিৰ মতে আকৌ এইয়া আৰক্ষীৰ একশ্যন হে। সেয়া যিয়েই নহওক মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সেই মন্তব্যৰ পিছতে যিদৰে অসম আৰক্ষীৰ বন্দুক চলিবলৈ আৰম্ভ কৰিলে একেদৰে অসম আৰক্ষীৰ বিশ্বাসযোগ্যতাৰ ওপৰতে প্ৰশ্ন উত্থাপিত হবলৈ ধৰিলে।

সাধাৰণ লোকৰ কথা বাদেই, ন্যায়ালয়েও অসম আৰক্ষীক বিশ্বাস কৰিবলৈ এৰিছে। যাৰ বাবে অসম আৰক্ষীৰ পোচাক আৰু বাহনত চিচি টিভি কেমেৰা সংস্থাপনৰ কথা কৈছে। যোৱা এটা বছৰত বিজেপি চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মহিলাসকলৰ মাইক্ৰফাইনেন্সৰ ঋণ মাফ কৰিলে যদিও এই সময়ছোৱাত মূল্যবৃদ্ধি আৰু বিভিন্ন কৰৰ মাচুল বৃদ্ধি কৰি জনজীৱন এক প্ৰকাৰে দুৰ্বিসহ কৰি তুলিলে।

চৰকাৰখনে আজিও মৌলিক সমস্যাসমূহৰ পৰা সাধাৰণ জনতাক আঁতৰাই ৰাখিছে। এফালে মূল্যবৃদ্ধিৰ কেকোঁৰা চেপা আনফালে যাক যেনেকৈ পাৰিছে কেৱল হিতাধিকাৰী হিচাপে সৃষ্টি কৰি ধন বিলাইছে। উৎপাদনমুখীতাৰ প্ৰতি চৰকাৰখনৰ নাই কোনো বিশেষ পদক্ষেপ।

ইফালে নিৰ্বাচনী প্ৰতিশ্ৰুতিত অসম চুক্তিৰ কথাও আছিল যদিও এই এটা বছৰত সেই প্ৰতিশ্ৰুতি পূৰণৰ কোনো লক্ষণ দেখা পোৱা ন'গল। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ কথা কোৱা হৈছিল যদিও এই সম্পৰ্কত কেৱল আলোচনা-বিলোচনাৰ মাজতে সকলো আৱদ্ধ হৈ থাকিল। একেই অৱস্থা ৬ জনগোষ্ঠীৰ জনজাতিকৰণ।

এই এটা বছৰত বিজেপিৰ শক্তি বিধানসভাত পূৰ্বৰ তুলনাত আৰু অধিক বৃদ্ধি পালে। কংগ্ৰেছৰ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰে দল ত্যাগ কৰি বিজেপিৰ টিকটত পুনৰ বিধানসভালৈ নিৰ্বাচিত হ'ল। আনহাতে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰলৈ ৰাওনা হোৱাত মাজুলী সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনতো বিজেপিয়েই আসনখন দখল কৰিলে।

এই চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে লক্ষণীয়ভাৱে অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমা বিবাদেও লৈছে চূড়ান্ত ৰূপ। এনে বিবাদৰ পৰিপ্ৰেক্ষিততে অসম আৰক্ষীক মিজো দুৰ্বৃত্তই আক্ৰমণ কৰি হত্যা কৰাৰ লগতে বহু কেইগৰাকীক আহত কৰিছিল। সমগ্ৰ দেশতে এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছিল।

এই বিবাদৰ পিছতে অসম চৰকাৰে অৱশ্যে চুবুৰীয়া ৰাজ্যৰ লগত থকা ভূমি বিবাদ অন্ত পেলাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপেই চুবুৰীয়া মেঘালয়ৰ সৈতে থকা ভূমি বিবাদ প্ৰায় অন্ত পৰাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ সৈতে থকা মুঠ ১২ টা বিবাদিত স্থানৰ ৬ টাৰ ক্ষেত্ৰত দুয়োখন ৰাজ্য ঐক্যমতত উপনীত হৈছে আৰু বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এবছৰীয়া চৰকাৰখনৰ নিশ্চয়কৈ এয়া এক উল্লেখনীয় সফলতা।

আনহাতে ৰাজ্যত শান্তি স্থাপনৰ বাবে সন্ত্ৰাসবাদী সংগঠনসমূহক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ,চৰকাৰখনৰ পদক্ষেপ প্ৰশংসনীয় বুলি ক'ব পাৰি। বহু কেইটা এনে সংগঠনে অস্ত্ৰ ত্যাগ কৰিছে। স্বাধীন অসমৰ সপোন বুকুত বান্ধি সংগ্ৰাম অব্যাহত ৰখা আলফা (স্বাধীন)য়েও পূৰ্বৰ তুলনাত এক নৰম স্থিতি গ্ৰহণ কৰিছে। ৰাজ্য খনৰ বাবে এইয়াও এক আশাৰ খবৰ। কিন্তু আলোচনাৰ কথা চলি থকাৰ মাজতে এক পক্ষীয় যুদ্ধ বিৰতিৰ মাজতে আলফাত শতাধিক নতুন যুৱক-যুৱতীয়ে যোগদান কৰা বিষয়টো এই চৰকাৰখনৰ বাবে কিন্তু একেবাৰে ভাল ইংগিত নহয়।

এইদৰেই এটা বছৰ ৰাজ্যত বিজেপি চৰকাৰে পাৰ কৰিলে। অসম বিধানসভালৈ বিজেপি, অগপ আৰু ইউ পি পি এলৰ কেইবাজনো বিধায়ক নতুনকৈ নিৰ্বাচিত হৈ আহিছে যদিও তেওঁলোকৰ অসম বিধান সভাত ভূমিকা কিন্তু একেবাৰে পুতৌজনক বুলিয়েই ক'ব পাৰি। শীৰ্ষ নেতাৰ মতেই বিধানসভাৰ বিভিন্ন আলোচনাত বিৰোধীৰ কথাত হায়-হুলস্থুল কৰাৰ বাহিৰে বিধানসভাত এই বিধায়কসকল ব্যতিক্ৰম হিচাপে চিহ্নীত হ'ব পৰা নাই।

আনহাতে চৰকাৰখনৰ কাম-কাজক সামগ্ৰীক ভাৱে বিশ্লেষণ নকৰি যদি একোটাকৈ বিভাগৰ যোৱা এটা বছৰৰ কাম-কাজ বিশ্লেষণ কৰা হয় তেন্তে বহু নিৰ্দিষ্ট কেইটামান বিভাগক বাদ দি প্ৰায় সংখ্যক বিভাগৰ নিষ্ক্ৰিয়তাৰ স্পষ্টকৈ প্ৰকাশ হয়। বহু কেইগৰাকী মন্ত্ৰীৰ ভূমিকা অতি দুৰ্ভাগ্যজনক। আনহাতে এই এটা বছৰত মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীৰ মাজৰ কথাৰ প্ৰাৰ্থক্যও আছিল চকুতলগা।

বিভাগীয় মন্ত্ৰীয়ে এটা সিদ্ধান্তৰ কথা কোৱাৰ পিছত পুনৰ মুখ্যমন্ত্ৰীয়ে সেই সিদ্ধান্তক নস্যাত কৰি বহু কেইজন মন্ত্ৰীক লজ্জিত কৰিছে। একেই অৱস্থা আটাইকেজন মন্ত্ৰীৰ লগত। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰি কেতবোৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি অহা হৈছে যদিও এই সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ কথাই সিদ্ধান্ত বুলিও এক চৰ্চা চলিছে।

এনে কেবিনেট বৈঠকতে অসমীয়া ভাষাৰ ক্ষতি হ'ব পৰাকৈ চৰকাৰখনে গ্ৰহণ কৰিলে কেইবাটাও সিদ্ধান্ত। বিশেষকৈ অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ মূল কাকতখন বাতিল কৰি বহিঃৰাজ্যৰ লোকক সংস্থাপিত হোৱাৰ বাট মুকলি কৰি দিলে।

একেদৰে অসমত বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি দিলে এইখন চৰকাৰে। ফলত অ, আ, ক, খ নজনা বহিঃৰাজ্যৰ শিক্ষকে অসমীয়া শিশুক পঢ়ুৱাইছে অসমীয়া ব্যাকৰণ। কেনে এক দুৰ্ভাগ্য ! আনহাতে এই চৰকাৰেই গ্ৰহণ কৰিছে প্ৰতিটো সমষ্টিত একোখনকৈ চিবিএছইৰ আৰ্হিত ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ। ইয়াৰ বিপৰীতে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বাবে দেখুৱাইছে অনিহা।

মুঠতে এই এটা বছৰত অসমৰ ৰাইজে এই চৰকাৰখনৰ বহু কেইটা দিশ পৰিলক্ষিত কৰাৰ লগতে চৰকাৰখনৰ দক্ষতা সম্পৰ্কে বুজি উঠিছে। চৰকাৰখনে সাধাৰণ ৰাইজৰ কথা কিমান চিন্তা কৰে, নিৱনুৱাৰ সংস্থাপনৰ বাবে কি পদক্ষেপ ল'ব সেই সম্পৰ্কে এক ধাৰণা গঢ়লৈ উঠিছে।

এই দিশবোৰৰ কথা সাধাৰণ লোকে আলোচনা কৰিছে। দুখ, দুৰ্দশাৰে জৰ্জৰিত সাধাৰণ লোক. সংস্থাপন হীনতাৰে নিৰাশাত ভূগি থকা নিবনুৱাই এতিয়া চৰকাৰখনৰ পৰা বৰ বিশেষ আশা কৰা নাই যদিও পূৰ্বে দিয়া প্ৰতিশ্ৰুতিখিনিকেই পূৰণ কৰিব বুলি আশা কৰি আছে। এই আশা, এই সপোন আগন্তুক দিনত চৰকাৰখনে কিদৰে পূৰণ কৰিব সেইয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in