অসম প্ৰকাশন পৰিষদৰ অসমীয়া ছপাযোগ্য দুটা এপ মুকলি…

অসম প্ৰকাশন পৰিষদৰ অসমীয়া ছপাযোগ্য দুটা এপ মুকলি…

author-image
asomiyapratidin
New Update
অসম প্ৰকাশন পৰিষদৰ অসমীয়া ছপাযোগ্য দুটা এপ মুকলি…

ডিজিটেল ডেস্কঃ অসম প্ৰকাশন পৰিষদৰ এলানী অভিলাসী প্ৰকল্পৰ ভিতৰত দুটা ভাষা প্ৰযুক্তি ভিত্তিক গুৰুত্বপূৰ্ণ প্ৰকল্প ছপাযোগ্য বাণীকান্ত অসমীয়া ইউনিকড ফন্ট আৰু ৰসৰাজ ৰুপান্তৰক দেওবাৰে মুকলি কৰা হয়। পৰিষদৰ বামুনীমৈদানস্থিত কাৰ্যালয়ৰ সভাগৃহত এই প্ৰকল্প দুটিৰ উন্মোচন কৰে অসম প্ৰকাশন পৰিষদৰ উপদেষ্টা সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই।

Advertisment

এই অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই এই পদক্ষেপে অসমীয়া ভাষা তথা লিপিৰ উত্তৰণত এক সুদুৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব বুলি মন্তব্য কৰে। তেওঁ ইয়াৰ লগতে এয়া অসমীয়া ভাষাৰ বাবে এটি ঐতিহাসিক দিন হিচাপে বিবেচিত হ'ব বুলি কয়।

অন্যহাতে ভাষণ প্ৰসংগত ড০ কুলধৰ শইকীয়াই অসম প্ৰকাশন পৰিষদৰ উদ্যোগে অসম সাহিত্য সভাৰ মোৰ ভাষা মোৰ গৌৰৱ ধ্বনিক আজি অধিক শক্তিশালী কৰিলে বুলি মন্তব্য কৰে।উল্লেখ্য যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অন্তৰ্গত অসম প্ৰকাশন পৰিষদে বিগত ডেৰ বছৰে নিজা প্ৰচেষ্টাত অসমীয়া ভাষাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ সহযোগত অসমীয়া ফন্ট ফেমিলি নিৰ্মাণ কৰি উলিয়াইছে। অসমীয়া নৰ্মেল, অসমীয়া ইটালিক অসমীয়া বোল্ড আৰু ইংৰাজী ফন্টৰ লগতে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা আইপিএ ফন্ট সংযুক্ত এই ইউনিকড ফন্টে অসমীয়া ভাষাৰ কাৰীকৰী সমস্যা নাইকিয়া কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

দেওবাৰে সকলোৰে ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হয় এপটোৰ। এই এপ দুটা অসম প্ৰকাশন পৰিষদৰ www.publicationboardassam.com ত উপলব্ধ হ'ব।