
ডিজিটেল সংবাদ গোলাঘাটঃ ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ তৃতীয়খন কাৰ্যনিৰ্বাহক সভা আজিৰে পৰা গোলাঘাটৰ চেলেঙীস্থিত সতী সাধনী কলাক্ষেত্ৰত আৰম্ভ হৈছে । কাৰ্যনিৰ্বাহক সভাৰ লগত সংগতি ৰাখি আজি ৰাজ্যিক মহিলা মৰ্চাৰ সন্মানীয়া সভানেত্ৰী আঙুৰলতা ডেকাই এক সংবাদমেল সম্বোধন কৰে ।
সংবাদমেলত তেও জৈৱিক প্ৰণালীৰে কৰা কৃষি কাৰ্য, বাল্য বিবাহ, যৌতুক প্ৰথা, ড্ৰাগছ মুক্ত সমাজ, শিশু কল্যাণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভানেত্ৰী গৰাকীয়ে সংবাদমেলত কয় জৈৱিক কৃষি হৈছে কৃষি ভূমি আৰু জীৱকুলৰ লগতে সামগ্ৰিকভাৱে পাৰিপাৰ্শ্বিক পৰিবেশ অনকূল এক কৃষি পদ্ধতি,কৃষি ভূমিৰ উৰ্বৰতা বৃদ্ধিৰ ক্ষেত্ৰত জৈৱিক কৃষি এক অন্যতম উত্তম উপায়।
কৃষিভূমিৰ উৰ্বৰতা দীৰ্ঘসময়ৰ বাবে অক্ষুন্ন থকাৰ ফলত বহু দিন ধৰি ফচল সম হাৰতে থকা দেখা যায়। এনে প্ৰেক্ষাপটত অনুকূল শস্য বিধি প্ৰয়োগৰে কৃষকসকলে ফচল উৎপাদনৰ হাৰ অনায়াসে দুগুণলৈ বৃদ্ধি কৰিব পাৰি।
জৈৱিক কৃষিৰ উৎপাদিত ফচলৰ সামগ্ৰিক বজাৰত বিশেষ চাহিদা আছে। বৰ্তমান সময়ত আমাৰ ৰাজ্যত দেখা যায় যে মহিলা সকলেওঁ পুৰুষৰ লগত সমপৰিমানে কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰিছে। কিন্তু এই কৃষি কাৰ্যত ৰাসায়নিক পদ্ধতিৰ পৰিৱৰ্তে জৈৱিক পদ্ধতিৰে কৰিবলৈ আহ্বান জনায় সভানেত্ৰীগৰাকীয়ে ।
সাম্প্ৰতিক কালত বাল্য বিবাহ এক সামাজিক ব্যাধি বুলি মন্তব্য কৰি এই ব্যাধিৰ ফলত নৱজাতক আৰু মাতৃৰ মৃত্যুৰ হাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰাৰ লগতে জন্ম হোৱা শিশুতো ৰোগাক্ৰান্ত হয়। ফলত সেই পৰিয়ালটো মানসিক ভাৱে / আৰ্থিক ভাৱে হাৰাশাস্তি হয় বুলি মন্তব্য কৰে। বাল্য বিবাহ ৰোধ কৰাৰ বাবে অভিভাৱক সকল সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে বুলিও মন্তব্য কৰে।
সমাজৰ আন এক সামাজিক ব্যাধি হ'ল যৌতুক প্ৰথা। সমাজৰ প্ৰতিটো স্তৰতে যৌতুক নামৰ এই ব্যাধিৰ প্ৰভাব পৰা দেখা যায়। সেয়ে, এতিয়া সমগ্ৰ সমাজ সজাগ হ'বৰ হ'ল আৰু পৰিস্থিতি বুজিবৰ হ'ল। আমি সকলোৱে যৌতুক দিয়া বা যৌতুক লোৱা বন্ধ কৰিব লাগিব।
প্ৰথমতে নিজ কন্যা সন্তানক উচিত মূল্য দিব লাগিব। যাতে তেওঁলোকে ডাঙৰ-দীঘল হ’লে বাকীসকলে তেওঁলোকৰ মূল্য বুজি পায়। বিশেষকৈ কন্যা সন্তানক শিক্ষিত কৰা। তেওঁলোকক নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে সচেতন অভিভাৱক হিচাপে উৎসাহিত কৰা।
স্বাধীন আৰু দ্বায়িত্বশীল হোৱাৰ বাবে শিক্ষা দিয়া, ল'ৰা-ছোৱালী বুলি বৈষম্য নাৰাখি সমানে গুৰুত্ব দিয়া। এইখিনি কাম কৰিব পাৰিলে ভৱিষ্যতে মানুহৰ মনোভাৱো সলনি হ'ব।
আজি কিছুদিনৰ আগত পলাশবাৰীত যৌতুকৰ বাবে বোৱাৰী গৰাকীৰ ওপৰত যি শাৰীৰিক অত্যাচাৰ চলিছে সেয়া বহুত দুখৰ বিষয়। সেই বাবে আমাৰ সমাজত পিতৃ-মাতৃ ছোৱালীক উচিত শিক্ষা দি নিজৰ ভৰিত থিয় নিদিয়াকৈ বিয়া দিব নালাগে।
ছোৱালী উপযুক্ত বয়সত নিজৰ ভৰিত থিয় দিয়াৰ পিছতহে বিয়া দিব লাগে বুলিও মন্তব্য কৰে । মাদক দ্ৰৱ্য, প্ৰধানকৈ ড্ৰাগছ আন এক উল্লেখযোগ্য সামাজিক ব্যধি ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা ৰাজ্য জুৰি ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ ব্যাপক অভিযান।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ পাছতে ৰাজ্যৰ গাঁও, নগৰ চহৰত বেয়াকৈ শিপাই পৰা এই বৰবিহ নিতৌ উদ্ধাৰ হৈছে। এটা প্ৰজন্ম ইয়াৰ কবলত পৰি তিল তিলকৈ কেনেকৈ নি:শেষ হৈছে সেই কথাও পোহৰলৈ আহিছে।
শেহতীয়াকৈ অসমত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰৱ্য ৰাজহুৱাকৈ দাহ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ পেডেলাৰক সকীয়াই কৈছে যে অসম এতিয়া ড্ৰাগছ সৰবৰাহকাৰীৰ বাবে নিৰাপদ ঠাই নহয়। আৰক্ষীক আইনৰ গণ্ডীত থাকি কঠোৰৰ পৰা কঠোৰ হবলৈ আহ্বান জনাইছে।
শেহতীয়াকৈ অসমক ড্ৰাগছ মুক্ত অকল চৰকাৰ বা আৰক্ষীয়ে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন সজাগ সচেতন ব্যক্তি, দল সংগঠন, অভিভাৱক সকলোৰে সহযোগিতা লাগিব। এনে অৱস্থাত যিবোৰ ঘৰৰ লোক এনে বৰবিহৰ কবলত পৰিছে তেওঁলোকৰ পৰিয়ালৰো বহু পৰিমানে গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলিও সংবাদমেলত মন্তব্য কৰে ।
সভানেত্ৰীগৰাকীয়ে লগতে কয় যে, জন্মলাভ কৰিয়ে শিশু এটা যেতিয়া জটিল ৰোগত ৰোগক্ৰান্ত হয় বা শিশু এটা যেতিয়া জটিল ৰোগত ৰোগক্ৰান্ত হয় সেই শিশুটিৰ পিতৃ - মাতৃৰ হৃদয়ৰ বেদনা অনুভৱ কৰি আপুনি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰ্তজনক বিশেষ কৈ যি সকলে জন্মতে বা জন্মৰ পিছত বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ জীৱনৰ আশা আকাংক্ষা পাহৰি পেলাবলৈ বাধ্য হৈ পৰিছিল সেই সময়ত সেইসকল অসহায় দুৰ্ভাগীয়া মানুহক বৰ্তমানৰ আমাৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱ স্বাস্থ্য মন্ত্ৰী হৈ থকা দিনৰে পৰা জটিল ৰোগত আক্ৰান্ত শিশু বিশেষকৈ হাৰ্টৰ ৰোগত আক্ৰান্তসকলক বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে আৰ্থিক, মানসিক সকলো দিশতে সহায় কৰি অসমৰ লগতে বহিঃৰাজ্যলৈও উন্নত চিকৎসাৰ বাবে পঠায় দি হেৰোৱা জীৱন পুনৰ উদ্ধাৰ কৰাই দিছে।
এতিয়ালৈ ১০ হাজাৰ শিশুক হাৰ্টৰ অস্ত্ৰোপচাৰ কৰোৱা হৈছে বুলিও মন্তব্য কৰে। আগন্তুক দিনত মহিলা মৰ্চাই অসমীয়া জাতিৰ ধ্বজা বাহক গামোচাৰ ক্ষেত্ৰত এটা উল্লখযোগ্য পদক্ষেপ গ্ৰহণ কৰাৰ বাবে হাতে বোৱা গামোচা সকলো অসমীয়া মহিলাই যাতে শিকিব পাৰে তাৰ বাবে ৪-৫ দিনৰ কৰ্মশালা আয়োজন কৰি এক জাগৰণৰ সৃষ্টি কৰাৰ লগতে মহিলা সবলীকৰণৰ এক প্ৰচেষ্টা হাতত লৈছে বুলিও মন্তব্য কৰে।
বিবাহৰ পূৰ্বে একোগৰাকীৰ ন- বোৱাৰীৰ থকা প্ৰতিভাৰ ধাৰা অব্যাহত ৰখাৰ বাবে গুৱাহাটীত ন- বোৱাৰী সন্মিলনৰ আয়োজন কৰাৰ বিষয়ে সদৰী কৰাৰ লগতে ভাৰতবৰ্ষৰ এগৰাকী অগ্ৰণী মহিলা নেত্ৰী সুষমা স্বৰাজৰ নামত এক বটাঁ প্ৰবৰ্তন কৰা হ'ব বুলিও সংবাদমেলত সদৰী কৰে । সংবাদমেলত সভানেত্ৰী গৰাকীয়ে লগতে জনায় অসম প্ৰদেশ মহিলা মৰ্চাৰ গোলাঘাটৰ কাৰ্যনিৰ্বাহকৰ সভাৰ আজি প্ৰথম দিনা গোলাঘাট জিলাৰ জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি স্বাবলম্বী হোৱা দুশ গৰাকী মহিলাক সম্বৰ্ধনা জনোৱাৰ লগতে কৃষি সম্পৰ্কীয় এক বক্তৃতানুষ্ঠানো আয়োজন কৰা হৈছে ।
অন্যহাতে বিৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ মূল প্ৰেক্ষাগৃহত অনুস্থিত হোৱা মহিলা কৃষকসকলৰ বাবে আয়োজন কৰা আৰু সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত আছিল মন্ত্ৰী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকা, গোলাঘাট জিলা বিজেপিৰ সভাপতি দেৱপ্ৰদীপ বৰা ,খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বৈজ্ঞানিকদ্বয় ভবেশ ডেকা , মাধুৰ্যপ্ৰসাদ বৰুৱাৰ লগতে দল তথা মৰ্চাৰ আন আন কাৰ্যকর্তাসকল উপস্থিত থাকে।
সংবাদমেলত ৰাজ্যিক মহিলা মৰ্চাৰ মিডিয়া চেলৰ আহ্বায়িকা ৰানীমা বৰঠাকুৰ আৰু গোলাঘাট জিলা মহিলা মৰ্চাৰ সভানেত্ৰী জুনু গগৈ উপস্থিত আছিল ।