New Update
/asomiyapratidin/media/media_files/2025/02/27/8r9HmR2ynV9mdtZGkbw3.jpg)
- আজি দিল্লীত প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু কংগ্ৰেছৰ ভগ্নী সংগঠনৰ নেতৃত্বৰে আবেলি ৪ বজাৰ পৰা ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ বৈঠক।
- প্ৰদেশ কংগ্ৰেছ আৰু ইয়াৰ ভগ্নী সংগঠনৰ নেতৃত্বক পৃথকে পৃথকে সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে।
- মূলতঃ আগন্তুক অসম বিধানসসভাক লৈ এই পৰ্যালোচনামূলক বৈঠক।
- দিল্লীত উপস্থিত হৈছেগৈ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ।
- কংগ্ৰেছ সেৱা বাহিনীৰ অসমৰ মুৰব্বী দীপ বায়নো গৈছে দিল্লীলৈ।
- যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনমেও পৃথকে সাক্ষাৎ কৰিব ৰাহুল গান্ধীক।
- এই বৈঠকৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছত ব্যাপক ৰদবদলৰো সম্ভাৱনা আছে।
- যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈক দিব পাৰে অসমৰ গুৰুত্বপূৰ্ণ দায়িত্ব
- মূলতঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক লৈ এই তৎপৰাতা ৰাহুল গান্ধীৰ।
- ইতিমধ্য দিল্লীত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰাৰ বিধায়ক দেৱদ্ৰত শইকীয়া।
- অসমৰ উপৰিও বিহাৰৰ কংগ্ৰেছ নেতৃত্বৰেও বৈঠকত বহিব ৰাহুল গান্ধী।