জোনমণি ৰাভাৰ মৃত্যুৰ পিছত সক্ৰিয় অসম আৰক্ষী

জোনমণি ৰাভাৰ মৃত্যুৰ পিছত সক্ৰিয় অসম আৰক্ষী

ডিজিটেল ডেস্ক : জোনমণি ৰাভাৰ মৃত্যুৰ পিছত ক্ৰমে সক্ৰিয় হৈ পৰিছে অসম আৰক্ষী । জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নকল সোণ আৰু টকা নিৰ্মাণকাৰী চক্ৰ এটিৰ হাত থকাৰ সন্দেহ কৰাৰ পাছতেই অসম আৰক্ষীয়ে এই চক্ৰটিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ ভাষ্য অনুসৰি, বিগত ২৪ ঘন্টাত সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নকল সোণ আৰু টকাৰ চক্ৰটোৰ সৈতে জড়িত সৰ্বমুঠ ৭১ট‍া সৰবৰাহকাৰী আৰক্ষীয়ে বিগত ২৪ ঘন্টাত আটক কৰিছে । ইয়াৰ ওপৰিও আনাগত ৩০ দিনৰ ভিতৰত সমগ্ৰ চক্ৰটো উৎখাত কৰিবলৈ নিৰ্দেশ জি পি সিঙৰ । ইয়াৰে বিশ্বনাথ চাৰিআলিৰ পৰা ৮ জন, কাৰ্বি আংলঙৰ পৰা ৬ জন, বৰপেটাৰ পৰা ছজন, বঙাইগাওঁৰ পৰা ছজন, গহপুৰৰ পৰা চাৰিজন, তামুলপুৰৰ পৰা এজন, ধুবুৰীৰ পৰা চাৰিজনক আটক অসম আৰক্ষীৰ ।

উল্লেখ্য যে, অসম আৰক্ষীৰ এই তৎপৰতাৰ পৰা জোনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত নকল সোণৰ সৰবৰাহকাৰীৰ কোনো হাত থকাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

জোনমণি ৰাভাৰ মৃত্যুৰ পিছত সক্ৰিয় অসম আৰক্ষী
নকল সোণ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰেপ্তাৰ এজনৰ পাছত আনজন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in