এই ঘটনা সংঘটিত হৈছে নাগালেণ্ডৰ মোকোকচুং জিলাৰ য়াচাং চি বস্তিত। জানিব পৰা মতে অসম আৰক্ষীৰ এটা ১০ ৰ পৰা ১৫ জনীয়া দলে মঙ্গলবাৰে গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নাগালেণ্ডৰ য়াচাং চি বস্তিলৈ গৈছিল।
এই আৰক্ষীৰ দলটোক নেতৃত্ব দিছিল মৰিয়নি চেলেংহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰা আৰু টিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকনে। তেওঁলোকে অঞ্চলটোত অভিযান চলোৱাৰ সময়তে এটা দুৰ্বৃত্তৰ দৰে আগুৰি ধৰে আৰু প্ৰাণনাশী আক্ৰমণ কৰে।
নগা দুৰ্বৃত্তৰ দলটোৰ দাৰ ঘাপত আহত হৈছে কেইবাজনো অসম আৰক্ষীৰ জোৱান। তাৰোপৰি দুৰ্বৃত্তৰ দলটোৱে কাঢ়ি লৈছে অসম আৰক্ষীৰ জোৱানৰ অস্ত্ৰও।
খবৰ অনুসৰি গোটেই নিশা নগা দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ অভিযানকাৰী দলটোক আৱদ্ধ কৰি ৰাখে। পাছত কোনো মতে প্ৰাণ ৰক্ষা কৰি তেওঁলোকে অসমত আহি উপস্থিত হয় আৰু শীৰ্ষতম মহলক ঘটনাৰ সবিশেষ অৱগত কৰে।
তাৰ পাছতেই যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু তেওঁলোকক উদ্ধাৰ কৰে।
পৰৱৰ্তী সময়ত তেওঁক প্ৰথমে ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ আঘাত গুৰুতৰ হোৱাৰ বাবে পাছত তেওঁক ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতাললৈ বদলি কৰা হৈছে।
ইফালে ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে মাইনা নামৰ এজন নগা দুৰ্বৃত্তক আটক কৰিছে। বৰ্তমান তেওঁক জেৰা কৰি থকা হৈছে বুলি জানিব পৰা গৈছে।
ইফালে যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নাগালেণ্ডৰ ঘটনাস্থলীত সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান চলি আছে। অসম আৰক্ষীৰ পৰা কাঢ়ি লোৱা অস্ত্ৰসমূহ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।